নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ কাণ্ডঃ ক’ভিডৰ ভেকচিন লোৱাৰ পাছতে যুৱকৰ মৃত্যু

দীর্ঘদিন ধৰি আক্রান্ত আছিল মৃগী ৰোগত

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: ক’ৰোনাৰ প্রতিষেধক লোৱাৰ পিছতে এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই বৃহত্তৰ সৰুপেটা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, সৰুপেটা ৰাজহ চক্রৰ অন্তর্গত শ্বহীদ খর্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ চতুর্থবর্গৰ কর্মচাৰী দীপজ্যোতি তালুকদাৰে নির্বাচনী দায়িত্বত নিয়োজিত হোৱাৰ সূত্রে মঙলবাৰে আবেলি ২ বজাত সৰুপেটা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রত ক’ৰোনাৰ প্রতিষেধক লৈছিল৷ কিন্তু ২৮ বছৰীয়া যুৱকজনে ক’ৰোনাৰ প্রতিষেধক লৈ ঘৰলৈ আহি ভাত–পানী খোৱাৰ পিছত শুই পৰে৷ আবেলি প্রায় ৪ বজালৈকে সাৰ নোপোৱাত মাতৃয়ে জগাবলৈ যায় যদিও যুৱকজনক সম্পূর্ণৰূপে অচেতন অৱস্থাত পায়৷

তাৰ পিছতেই পৰিয়ালৰ লোকে যুৱকজনক ১০৮ এম্বুলেঞ্চ সেৱাৰ সহায়ত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়৷ কিন্তু ই চি জি পৰীক্ষা সম্পন্ন কৰাৰ পিছত চিকিৎসকে দীপজ্যোতি তালুকদাৰক মৃত ঘোষণা কৰে৷

পৰিয়াল সূত্রে জানিব পৰা মতে, দীর্ঘদিন মৃগী ৰোগত ভুগি থকা যুৱকজনে তেওঁক নির্বাচনী কর্তব্যৰ পৰা অব্যাহতি দিয়াৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত আবেদন কৰিছিল, কিন্তু আবেদন মঞ্জুৰ নোহোৱাত নির্বাচনী কর্তব্য সম্পাদনৰ বাবে যুৱকজনে মঙলবাৰে ক’ৰোনাৰ প্রতিষেধক লৈছিল৷ যুৱকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন হ’ব বুলি পৰিয়াল সূত্রে জানিব পৰা গৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন পোৱাৰ পিছতহে যুৱকজনৰ মৃত্যুৰ প্রকৃত কাৰণ জানিব পৰা যাব৷

ইফালে ক্রমাগতভাৱে ৰাজ্যত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ মঙলবাৰৰ দিনটোত পুনৰ ৰাজ্যত ৫৩গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ এই কথা এক টুইটযোগে সদৰী কৰিছে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে৷

টুইটত উল্লেখ কৰা অনুসৰি কালি নতুনকৈ আক্রান্ত হোৱা লোকসকলৰ ভিতৰত ১৮গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ১২,৭৮৪টা নমুনাৰ পৰীক্ষা কৰা হৈছিল৷ কালি ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৩গৰাকী৷ কোনো ৰোগীৰ মৃত্যু হোৱা নাই৷ বর্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪৯৯গৰাকী৷

You might also like