নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰি বটদ্ৰৱাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বহুকেইটা কাৰ্যসূচী লৈ অসমলৈ অহা গৃহমন্ত্ৰী শ্বাহে আজি ১২৬ ফুট উচ্চতাৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰে পুৰণিগুদামত। ইয়াৰ লগতে মন্দিৰত পূজাত অংশগ্রহণ কৰি নগাঁৱৰ নৰসিংহ সমন্বয় ক্ষেত্রত প্রায় আধা ঘণ্টা কটোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীগৰাকী ৰাওনা হয় বটদ্রৱালৈ৷

অসমৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে কয়- ‘ৰাজ্যখন আগতে আন্দোলন, অস্ত্ৰ আৰু হিংসাৰ বাবে জনাজাত আছিল, এতিয়া ইয়াক উন্নয়ন, ঔদ্যোগিক বিনিয়োগ, শিক্ষা আৰু পৰ্যটনৰ বাবে জনা যায়।’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আৰম্ভ কৰা উন্নয়ন যাত্ৰাৰ এয়া প্ৰাৰম্ভিক অৱস্থাহে।

অসমক বানমুক্ত, অনুপ্ৰৱেশকাৰীমুক্ত আৰু হিংসামুক্ত কৰাৰ কথাও উল্লেখ কৰে শ্বাহে। তেওঁ কয়, “আমি সমগ্ৰ উত্তৰ-পূবক দেশৰ সৰ্ববৃহৎ জিডিপি প্ৰদায়ক কৰি তুলিব লাগিব।”

উল্লেখ্য, মন্দিৰ দর্শনৰ পিছত হেলিকপ্টাৰেৰ বৰদোৱা সত্রত উপস্থিত হৈ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বটদ্রৱাৰ ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা সাংস্কৃতিক প্রকল্পৰ শুভাৰম্ভ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে।

You might also like