নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিৰ এহাল বৃদ্ধ দম্পতীৰ কৰুণ কাহিনীয়ে চকু সেমেকাব আপোনাৰ

এহাল বৃদ্ধ দম্পতীৰ সকৰুণ জীৱন কাহিনী জানিলে বেয়া লাগি যাব আপোনাৰ। ৮০ উৰ্ধৰ বৃদ্ধ উমেশ শৰ্মা আৰু ৭০ উৰ্ধৰ পুতুল দেৱীৰ কৰুণ জীৱন কাহিনীক লৈ চিন্তিত হৈ পৰিছে সকলো। অনাহাৰ অনিদ্ৰাই জীৱন অতিবাহিত কৰি আহিছিল দম্পতীহালে।

চাংসাৰিৰ বোৰ্কাৰ এটা পৰিয়ালৰ ভঙা চিঙা গৃহত আশ্ৰয় লৈ আছিল বৃদ্ধ দম্পতীয়ে। ৫০ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা উমেশ শৰ্মা আৰু পুতুল দেৱীয়ে গুৱাহাটী মহানগৰীৰ পাণবজাৰত কাম বন কৰি চলি আহিছিল।

বিবাহ সবাহ, মাংগলিক অনুষ্ঠানৰ ৰান্ধনী হিচাপে কাম কৰিছিল উমেশ শৰ্মাই। ইয়াৰ বিপৰীতে এখন সাধাৰণ দোকান দি চলি আহিছিল পুতল দেৱীয়ে। সতি সন্তান নাথাকিলেও ভাৰাঘৰত সুখ সন্তোষেৰে জীৱন অতিবাহিত কৰি অহা উমেশ শৰ্মা আৰু পুতুল দেৱীয়ে শেহতীয়াকৈ একো কাম বন কৰিব নোৱাৰা হৈ পৰিল।

উচ্চ ৰক্তচাপত ভুগি শৰীৰৰ এটা অংশ বিকল হৈ পৰিল উমেশ শৰ্মাৰ। একেদৰে পুতুল দেৱীৰ এটা চকু সম্পূৰ্নৰুপে বিকল হৈ পৰাৰ লগতে আনটো চকুৰেও ভালদৰে নেদেখা হৈ পৰে। অনাই বনাই ঘুৰি ফুৰাৰ মাজতে উত্তৰ গুৱাহাটীৰ মৃত্যুঞ্জয় বৰুৱা নামৰ এজন লোকে বৃদ্ধ দম্পতীক থাকিবলৈ দিছিল এটা উৱলি যোৱা গৃহ।

কিছু মাহ বৃদ্ধ দম্পতীয়ে উক্ত ঘৰটোত থাকে যদিও প্ৰায়ে অনাহাৰে দিন পাৰ কৰি আহিছিল দুয়ো। বৃদ্ধ দম্পতীৰ এই দুখজনক খবৰ জানি নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানে চাংসাৰিৰ বোৰ্কাত উপস্থিত হয়। প্ৰায়ে লঘোনে দিন অতিবাহিত কৰি অহা ৮০ উৰ্ধৰ উমেশ শৰ্মা আৰু পুতুল দেৱীক উদ্ধাৰ কৰিলে সাংবাদিক ৰহমানে।

এক দুখজনক অৱস্থাৰ পৰা বৃদ্ধ দম্পতীক উদ্ধাৰ কৰি সাংবাদিক মজিবুৰ ৰহমানে লৈ আহিল নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্রমলৈ। এতিয়া মজিবুৰ ৰহমানৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমেই শেষ ঠিকনা হৈ পৰিল বৃদ্ধ দম্পতীৰ।

বৃদ্ধ উমেশ শৰ্মাই জনোৱা মতে বয়সে ভাতি দিয়া হেতুকে তেওঁ পানী গিলাচো লৈ খাব নোৱাৰে। বৃদ্ধ পত্নীয়েও এতিয়া কলৈকে ওলাই যাব পৰা অৱস্থাত নাই। পত্নীৰ এটা চকু এশ শতাংশই বিকল। আনটো চকুৰে মাত্ৰ বিশ শতাংশহে দেখা পাই। তেনে অৱস্থাত কোনোৱে কিবা দিলেও বনাই খাব নোৱাৰে।

প্ৰায়েই দুয়োজনে অনাহাৰে দিন পাৰ কৰি অহা বুলিও তেওঁ জানিবলৈ দিয়ে। জীৱন অপৰাহ্নত দুই বৃদ্ধ বৃদ্ধাৰ এনে কৰুণ ঘটনাৰ কথা জানি শান্তি নিৱাস বৃদ্ধাশ্রমৰ পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানে দুয়োজনকে উদ্ধাৰ কৰি আশ্ৰয়-ভৰণ পোষণৰ দায়িত্ব গ্ৰহণ কৰে। এটি ব্ৰাহ্মণ পৰিয়ালৰ এনেদৰে ভৰণ পোষণৰ দ্বায়িত্ব লৈ সাংবাদিক ৰহমানে সমন্বয়ৰ সাঁকোখন মজবুত কৰা বুলিয়ে সচেতন মহলৰ মাজত চৰ্চা হৈছে।

নিয়মীয়া বাৰ্তা, বাঁহজানী, ১৪ জুলাই

You might also like