নিয়মীয়া বাৰ্তা, বান্দৰদেৱা, ১৪ জুলাই : প্ৰশাসনে ৰোধ কৰিব পৰা নাই গো-ধনৰ চোৰাং ব্যৱসায় ৷ ৰাজ্যত বৰ্তমানো অব্যাহত আছে চোৰাং গো ব্যৱসায়। যোৱা ১৮ জুনত হাৰমতী আৰক্ষীয়ে তিনিখন বাহনৰ সৈতে ২৯টা মাইকী গৰুসহ পাঁচটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। সেইদৰে ১৭ জুনত ধলপুৰত ৩৯টা চোৰাং গৰু জব্দ কৰাৰ পিছতে আজি পুনৰ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষীয়ে এখন বাহনৰ সৈতে ১৩টা গৰুসহ তিনিটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ অনুসৰি, নিশা গোপন খবৰৰ ভিত্তিত হাৰমতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম চেতিয়াৰ নেতৃত্বত আৰক্ষী দলে প্ৰায় ১০ বজাত অৰুণাচললৈ সৰবৰাহ কৰিবলৈ অনা এখন বাহনত সন্দেহত তালাচী চলোৱাত আচল ঘটনা ওলাই পৰে। এ এছ-০৭ বি চি-১৪১৭ নম্বৰৰ পিকআপ ভানত মাইকী গৰু ১৩টা উদ্ধাৰ কৰাৰ লগতে তিনিটা সৰবৰাহকাৰীক আটক কৰে। ধৃতকেইজন হৈছে বঙালমৰাৰ ২নং ইছলামপুৰৰ হাছমত আলীৰ পুত্ৰ হাবিজ উদ্দিন (৩০), নাছিৰ উদ্দিনৰ পুত্ৰ ইমান আলী (৩৬) আৰু একে গাঁৱৰে ইদউল আলীৰ পুত্ৰ শৰিফুল ইছলাম (৩৮)।