নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত অমিত শ্বাহৰ বিশাল জনসভাৰ প্ৰস্তুতি

ঢেকীয়াজুলি সমষ্টিত নিৰ্বাচনী উন্মাদনা ক্ৰমে বৃদ্ধি পাইছে। অহা ২৯ মাৰ্চত ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এখন বিশাল জনসভা সম্বোধন কৰিব।

ইয়াৰ পূৰ্বে ২৮ মাৰ্চত ঢেকীয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় তিনি হাজাৰ মহিলাই চাকি-বন্তি জ্বলাই গৃহমন্ত্ৰীক উষ্ম অভিনন্দন জনাব বুলি জানিব পৰা গৈছে।

ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ বিজেপিয়ে কংগ্ৰেছ প্ৰাৰ্থীক এক লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। লগতে তেওঁ উল্লেখ কৰে যে সমষ্টিটোৰ ঘৰে ঘৰে প্ৰায় ৭০ হাজাৰ দলীয় পতাকা স্থাপন কৰা হ’ব।

এই বৃহৎ জনসভাক লৈ ঢেকীয়াজুলিত ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলি থকাৰ লগতে দলীয় কৰ্মী-সমৰ্থকসকলৰ মাজত উৎসাহ দেখা গৈছে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like