নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : মৰিগাঁৱৰ লাহৰীঘাটৰ কুশতলি গাঁও পঞ্চায়তত আজি অমৃত কলহ যাত্ৰা সম্পন্ন হয়। কুশতলি পঞ্চায়তত হোৱা অমৃত কলহ যাত্ৰাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে। উছৱমুখৰ পৰিবেশত অমৃত কলহ যাত্ৰা কুশতলি পঞ্চায়তত। কেইবাশ মহিলাৰ উপস্থিতিত বিধায়ক ৰমাকান্ত দেউৰীয়ে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্ৰা কৰে।পঞ্চায়তখনৰ কেইবা কিলোমিটাৰ অঞ্চলজুৰি অমৃত কলহ যাত্ৰা কৰে। অমৃত কলহ যাত্ৰাৰ অন্তত কুশতলি ৰাস মণ্ডপত এখনি সভা অনুষ্ঠিত হয়। সভাত পঞ্চ সংকল্প কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত লাহৰীঘাট খণ্ড উন্নয়ন বিষয়া মনিতা দাস ৰাংহাং, তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, কুশতলি পঞ্চায়তৰ সভাপতি ৰাজেন সেনাপতি, পঞ্চায়ত সচিব ৰাধাকান্ত নাথ আৰু স্হানীয় গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
প্ৰেৰক আবুল কালাম