🔹 ৫ জুলাইত বিশেষ বিমানেৰে নতুন দিল্লীলৈ নিছিল খালিস্তানী নেতা সিঙক
বিশেষ বাৰ্তা, ৬ জুলাই : চাৰি দিনৰ পেৰ’ল লাভ কৰাৰ পাছত অতি নাটকীয়ভাৱে ১৮ ঘন্টাৰ ভিতৰতে অমৃতপল সিং ডিব্ৰুগড়ৰ কাৰাগাৰলৈ ঘূৰি আহিল। সংসদ সদস্য হিচাপে নতুন দিল্লীত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে পেৰ’ল লাভ কৰাৰ মাত্ৰ ১৮ ঘণ্টাৰ ভিতৰতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ উভতি আহে ৱাৰিছ পঞ্জাব ডে’ৰ মুৰব্বী অমৃতপল সিং। ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা সিঙক ৫ জুলাইৰ পৰা পঞ্জাবৰ অমৃতসৰৰ জিলা দণ্ডাধীশে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ চাৰিদিনীয়া পেৰ’ল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে সিঙে পঞ্জাবৰ খাদুৰ চাহাব লোকসভাৰ আসনৰ পৰা ডিব্ৰুগড়ৰ কাৰাগাৰত থকাৰ সময়তে নিৰ্বাচনত জয়ী হৈছিল। উল্লেখ্য যে পঞ্জাবৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পঞ্জাব আৰক্ষীৰ আঠজনীয়া দল এটাৰ সৈতে কালি পুৱা ৪ বজাত ডিব্ৰুগড় জে’লৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হৈছিল অমৃতপল সিং আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা সেনা বাহিনীৰ বিশেষ বিমানেৰে ৰাজধানী দিল্লীলৈ উৰা মাৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদীয় ভৱনত থকা তেওঁৰ চেম্বাৰত তেওঁক শপত গ্ৰহণ কৰোৱায়। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছতে অমৃতপল সিঙক গুৰদ্বাৰা ৰাকব গঞ্জ চাহাবৰ বাহিৰত সংসদ ভৱনৰ সমীপত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পিতৃ তাৰচেম সিং আৰু দুজন ককাকৰ সৈতে চমুকৈ বৈঠকৰ অনুমতি দিয়া হয়। সাক্ষাতৰ অন্তত অমৃতপলক বিমানেৰে ডিব্ৰুগড়লৈ ওভতাই পঠিওৱা হয়। শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত তেওঁক একেখন বিমানতে ডিব্ৰুগড়লৈ ওভতাই অনা হয়। নতুন দিল্লীৰ সংসদীয় ভৱনৰ সমীপৰ পৰা সন্ধিয়া ৪ বজাত প্ৰস্থান কৰি নিশা প্ৰায় ৯.৩০ বজাত অমৃতপলে ডিব্ৰুগড়লৈ উৰা মাৰিছিল। পঞ্জাব আৰক্ষীৰ এটা দলৰ নিৰাপত্তাৰ মাজেৰে সিং পুনৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আহে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত ১৮ ঘণ্টাৰো কম সময় লৈছিল বুলি আজি আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই সদৰী কৰে। ইয়াৰ পূৰ্বে অমৃতসৰৰ জিলা দণ্ডাধীশে পেৰ’ল আদেশত উল্লেখ কৰা দহটা কঠোৰ চৰ্তৰ অধীনত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অমৃতপল সিঙক চাৰিদিনীয়া পেৰ’ল প্ৰদান কৰিছিল। কাৰাগাৰৰ কোঠাৰ পৰাই অমৃতপল সিঙৰ ৰাজনীতিত উল্লেখযোগ্য প্ৰৱেশৰ বিষয়টো যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰে। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকাৰ পাছতো তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পঞ্জাবৰ খাদুৰ চাহাব লোকসভাৰ আসনত কংগ্ৰেছৰ কুলবীৰ সিং জিৰাক উল্লেখযোগ্য ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
প্ৰেৰক বিভাস দুৱৰা