নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ১৯৯৮ খ্ৰীষ্টাব্দৰ ১৬ আগষ্টত এক কোচিং চেণ্টাৰৰ জৰিয়তে অসমৰ শৈক্ষিক জগতত নৱ উন্মেষৰ সুচনা কৰি পাঠশালাত জন্ম লাভ কৰা ব্যক্তিগতখণ্ডৰ অন্যতম শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিয়ে আজি গৌৰবোজ্বল ২৫ টি বৰ্ষত পদাৰ্পন কৰিলে৷ এই উপলক্ষে আজি শিক্ষানুষ্ঠানখনৰ দুযোটা চৌহদতে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভনিতে অসমৰ শৈক্ষিক জগতৰ প্ৰবাদ পুৰুষ আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিত শিক্ষানুষ্ঠানখনৰ হাইস্কুুল চৌহদত মাল্যাৰ্পণ কৰে ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মনে আৰু মহাবিদ্যালয় চৌহদত মাল্যাৰ্পণ কৰে মহাবিদ্যালয় শাখাৰ সঞ্চালক অমূল্য কলিতাই৷ ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে মহাবিদ্যালয় শাখাৰ উপাধ্যক্ষ হিমাংশু বৰুৱাই৷ আনহাতে আজিৰ এই শুভ মুহূৰ্তত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাই সমূহ বিদ্যার্থী, শিক্ষাগুৰু, অভিভাৱক, শুভাকাংক্ষী কৰ্মচাৰীবৃন্দ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা একাডেমিৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভ দিনত কৃতজ্ঞতা, শুভেচ্ছা আৰু অভিনন্দন জনায়৷ আজি অসমৰ শৈক্ষিক মানচিত্ৰত এক সুকীয়া স্থান লাভ কৰাৰ ক্ষেত্ৰত আনন্দৰাম বৰুৱা একাডেমি সুচাৰুৰূপে আগবঢ়াই নিয়াত ৰাইজে যিদৰে আদৰ সন্মান দি আহিছে অনাগত সময়তো অনুৰূপ ধৰণে সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷
প্ৰেৰক কল্যাণ কলিতা