নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীপাৰা বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষ ঘেৰাও ক্ষুব্ধ গ্ৰাহকৰ

🔹 সঘন বিদ্যুৎ কৰ্তন, অধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে সৰৱ গ্ৰাহক

নিয়মীয়া বাৰ্তা,  ২ ছেপ্টেম্বৰ : বকো বিদ্যুৎ উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত যোগীপাৰা বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ এলেকাধীন যোগীপাৰা, মন্দিৰা, মালিৱাৰী, নিছিলামাৰী, হাবিল্লাহ পথাৰ, মন্দিৰা এন চি, জামলাই, চেনিমাৰা, বিদ্যানগৰ, সৰুডোৱা, নাইটৰ, কল্যাণপুৰ, খামেৰী, পলাহৰটাৰী, পথালিপাৰা, পিজুপাৰা, দাসপাৰা, লক্ষণপুৰ, পুখুৰীপাৰা, দোকুছি, নগৰবেৰা, কালুবাৰী, মেধিপাৰা, টুপামাৰী, ভখুৰাদিয়া, পাহাৰপাৰা, ৰংঙ্গেশ্বৰী, বদলাকে আদি কৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা বিদ্যুৎ যোগানৰ নামত বহুৱালি চলি থকাৰ অভিযোগ উত্থাপন হৈছে | দায়িত্বত থকা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দ্বায়িত্বজ্ঞানহীনতাৰো অভিযোগ কৰিছে | উত্থাপিত অভিযোগ অনুসৰি, উল্লেখিত অঞ্চলসমূহত বিনা কাৰণত মইমতালিৰে সঘনাই বিদ্যুত কৰ্তন কৰে দায়িত্বত থকা কৰ্মীসকলে ৷ যি সময়ত চৰকাৰে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ কথা সময় সময়ে সভা-সমিতিত প্ৰতিশ্ৰুতি প্ৰদান কৰে, তেনে সময়তে এইধৰণৰ সেৱা ৰাইজৰ দৃষ্টিত এক ভেল্কীবাজিহে | ২৪ ঘন্টাত ২০-২৫ বাৰ বিদ্যুৎ কৰ্ত্তন কৰে। আনহাতে বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্পত কয়লাৰ নাটনিৰ বাবেই এই বিদ্যুৎ যোগানৰ সংকট হোৱা বুলিহে জনায় বকো উপ-সংমণ্ডলীয় বিষয়াগৰাকীয়ে | গ্ৰাহক ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দিয়া স্বত্বেও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হোৱাৰো গুৰুতৰ অভিযোগ কৰে | সঘনাই বিদ্যুৎ কৰ্তন, ভল্টেজ কম, অধিক বিদ্যুত মাচুল সংগ্ৰহ আদি সমস্যাৰ বাবে সুদীৰ্ঘ দিনৰ পৰা অঞ্চলসমূহৰ ৰাইজে চৰম হাৰাশাস্তিত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ দীৰ্ঘদিনৰ পৰা বিদ্যুৎ বিভাগৰ এনেবোৰ সমস্যা সমাধান কৰিবলৈ বিভাগীয় দায়িত্বশীল বিষয়াক একাধিকবাৰ সমগ্ৰ বিষয় সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতো আজিলৈকে গ্ৰাহক ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদি বিদ্যুৎ বিভাগৰ একাংশই সামঞ্জস্যহীন বিল প্ৰস্তুত কৰি গ্ৰাহকক হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ কৰিছে | বিভাগটোৰ এটা হাতদীঘল চক্ৰই বকোৰ পৰা গাঁৱে গাঁৱে লেচী আৰু বেচৰকাৰী কৰ্মচাৰীৰ দ্বাৰা সমগ্ৰ দুৰ্নীতি-অনিয়ম সংঘটিত কৰা বুলিও অভিযোগকাৰীয়ে মন্তব্য কৰে | বিভিন্ন সময়ত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উল্লেখিত অঞ্চলসমূহত কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যদিও কোনোধৰণৰ সমস্যা আজিলৈকে সমাধান হোৱা নাই ৷ বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগৰ বিষয়া-কৰ্মচাৰীক অভিযোগ দিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথাপন হোৱাৰ সময়তে আজি উল্লেখিত অঞ্চলৰ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যালয় ঘেৰাও কৰে যোগীপাৰা গাঁৱৰ একাংশ সচেতন যুৱকৰ লগতে গ্ৰাহকে | প্ৰাপ্ত তথ্য মতে, সঘনাই বিদ্যুৎ কৰ্তন, অনিয়মীয়া লোডশ্বেডিং, অধিক বিদ্যুৎ মাচুল সংগ্ৰহ আদি কেতবোৰ কাৰ্য বন্ধ কৰাৰ দাবীত আজি পুৱা ১১ বজাত বকো বিদ্যুৎ উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত যোগীপাৰা বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে | প্ৰায় দুই ঘণ্টা ধৰি বিদ্যুৎ কাৰ্যালয়ৰ সন্মুখত শতাধিক গ্ৰাহক ৰাইজে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। শীঘ্ৰে উল্লেখিত অঞ্চলসমূহত বিদ্যুতৰ নামত বিদ্যুৎ বিভাগত কৰ্মৰত লেচী আৰু লেচীৰ দ্বাৰা নিয়ন্ত্ৰিত একাংশৰ লুন্ঠনৰাজ বন্ধ কৰাৰ লগতে নিয়মীয়া বিদ্যুৎ যোগান ধৰা, বিদ্যুৎ মাচুল হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীক দাবী জনায়। বিদ্যুতৰ এনে সমস্যা শীঘ্ৰে সমাধান নকৰিলে ব্যাপক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like