বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনীৰ পত্নী এলিজাবেথ এণ্টনীয়ে পুত্ৰ অনিল এণ্টনীৰ বিজেপিত যোগদান কৰাৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰিছে। অনিল এণ্টনীয়ে ৬ এপ্ৰিলত বিজেপিত যোগদান কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ডিজিটেল মিডিয়া ইনচাৰ্জ, এআইচিচি ছ’চিয়েল মিডিয়া আৰু ডিজিটেল কমিউনিকেশ্যন চেলত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। জানুৱাৰী মাহত নৰেন্দ্ৰ মোদীক লৈ বিবিচিৰ তথ্যচিত্ৰ সন্দৰ্ভত দিয়া বক্তব্যৰ পিছত তেওঁ বিতৰ্কৰ সন্মুখীন হৈছিল আৰু কংগ্ৰেছৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ পদত্যাগ কৰিছিল। এতিয়া তেওঁৰ মাতৃ এলিজাবেথ এণ্টনীৰ এটা ভিডিঅ’ ওলাইছে, য’ত তেওঁ কৈছে যে অনিলে বিজেপিত যোগদানৰ বাবে পোৱা নিমন্ত্ৰণৰ বিষয়ে বহু আগতেই জানিছিল। এটা খ্ৰীষ্টান ধ্যান কেন্দ্ৰৰ ইউটিউব চেনেলত প্ৰকাশ কৰা এটা ভিডিঅ’ত এলিজাবেথে কয়, ‘মোৰ ল’ৰাৰ বয়স ৩৯ বছৰ হ’ল… তেওঁ মোক ফোন কৰি ক’লে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন আহিছিল আৰু তেওঁলোকে তেওঁক বিজেপিত যোগদান কৰিবলৈ কৈছিল কোৱা হৈছে। তেওঁ ক’লে যে তেওঁ পুত্ৰৰ সুভৱিষ্যতৰ বাবে বহুত প্ৰাৰ্থনা কৰিছিল। এলিজাবেথে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে কংগ্ৰেছ দলত বিশ্বাস কৰে, কিন্তু তেওঁৰ পুত্ৰই তেওঁক ক’লে যে তেওঁ বিজেপিত যোগদান কৰিলে ভাল সুযোগ পাব। লগতে তেওঁ স্বীকাৰ কৰে যে এ কে এণ্টনিয়ে তেওঁৰ পুত্ৰই বিজেপিত যোগদান কৰাত স্তম্ভিত হৈ পৰিছিল আৰু তেওঁ টিভিৰ জৰিয়তে এই বিষয়ে জানিবলৈ পাইছিল। কিন্তু পিছত এ কে এণ্টনীয়ে পুত্ৰৰ সিদ্ধান্ত মানি লৈ ঘৰতে ৰাজনীতিৰ আলোচনা নকৰে বুলি কয়। অনিল এণ্টনি এজন টেক উদ্যোগী আৰু তেওঁৰ শিক্ষা আৰু সমগ্ৰ পটভূমি অভিযান্ত্ৰিক ক্ষেত্ৰত। ২০০৭ চনত তিৰুৱনন্তপুৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ঔদ্যোগিক অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১৯ চনত তেওঁ কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ ডিজিটেল মিডিয়া চেলত যোগদান কৰাৰ লগতে এআইচিচিৰ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল কমিউনিকেচন চেলৰ আহ্বায়ক হিচাপেও কাম কৰি আহিছে। অনিল এণ্টনি খ্ৰীষ্টান সম্প্ৰদায়ৰ আৰু কেৰালা খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যসমূহৰ ভিতৰত অন্যতম। কেৰালাৰ নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত খ্ৰীষ্টান সম্প্ৰদায়ৰ ভোটবেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনিল এণ্টনী ৰাজনীতিত ডাঙৰ নেতা নহ’বও পাৰে, কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এ কে এণ্টনীৰ পুত্ৰ হোৱাৰ বাবে তেওঁৰ ৰাজনৈতিক উচ্চতা যথেষ্ট বৃদ্ধি পায়। একে সময়তে তেওঁৰ বিজেপিত প্ৰৱেশ দলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ দলটোৱে ইয়াত ৰাজনৈতিক ভূমি বিচাৰিবলৈ দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছে। কেৰালাত এতিয়ালৈকে বিজেপিয়ে এখনো লোকসভা আসন লাভ কৰিব পৰা নাই। এনে পৰিস্থিতিত অনিল এণ্টনীৰ দলত যোগদান কৰাটো এটা বিশেষ পদক্ষেপ বুলি বিবেচিত হৈছে কাৰণ এ কে এণ্টনীৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ আছে আৰু কেৰেলাতো তেওঁৰ এটা ভাল ভোট বেংক আছে। গতিকে এতিয়া যেতিয়া অনিল এণ্টনি বিজেপিৰ অংশ হৈ পৰিছে, দলটোৱে ইয়াত ভোট বেংক বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। ২০২৩ চনৰ জানুৱাৰী মাহত বিবিচিয়ে গুজৰাটৰ সংঘৰ্ষ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল, যাৰ নাম আছিল ‘ভাৰতঃ মোদী প্ৰশ্ন’। এই তথ্যচিত্ৰখন দেশত নিষিদ্ধ কৰা হৈছিল। এই সন্দৰ্ভত অনিলে বিবিচিকো সমালোচনা কৰিছিল, যাৰ বাবে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছিল। তেওঁ কৈছিল যে ভাৰতীয় প্ৰতিষ্ঠানৰ ওপৰত ব্ৰিটিছ সম্প্ৰচাৰকসকলৰ মতামতক স্থান দিলে দেশৰ সাৰ্বভৌমত্ব দুৰ্বল হ’ব। অনিল এণ্টনীয়ে কৈছিল যে বিজেপিৰ সৈতে মতাদৰ্শগত মতানৈক্য থকাৰ পাছতো ব্ৰিটিছ সম্প্ৰচাৰকগৰাকীৰ মতামতক সমৰ্থন কৰাসকলে এক বিপদজনক আদৰ্শ দাঙি ধৰিছে। এই বক্তব্যৰ পিছত তেওঁ কংগ্ৰেছ নেতাৰ লক্ষ্যৰ আওতালৈ আহি দলৰ সৈতে তেওঁৰ সম্পৰ্ক দুৰ্বল হ’বলৈ ধৰিলে। ইয়াৰ বাবেই তেওঁ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে।