নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ কোটি ব্যয়সাপেক্ষে পাটাছাৰকুছিত স্থাপন হব পশু খাদ্য উৎপাদন কৰা উদ্যোগঃ মন্ত্ৰী ৰণজিৎ দাস

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ “বজালীৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড হৈছে বজালীৰ দুগ্ধ আৰু বজালীৰ গো-পালক সকল। দৈনিক ৬০ হাজাৰতকৈও অধিক দুগ্ধ উৎপাদন কৰা এই বজালীত ২৬ টাকৈও বেছি ক’-অপাৰেটিভ চ’ছাইটি আছে আৰু এই ক’-অপাৰেটিভ চ’ছাইটি সমূহক একগোট কৰিয়েই “বজালী দুগ্ধ উৎপাদক সমবায় সংঘ” নামৰ সংঘ গঠন হৈছিল। উক্ত সমবায়ৰ জৰিয়তেই বজালীৰ দুগ্ধ বিপ্লৱক আগুৱাই নিয়াৰ বাবে প্ৰয়াস চলিছে। ইতিমধ্যে অসম চৰকাৰৰ পৰা মই ৫ কোটি ব্যয়সাপেক্ষে পশু খাদ্য উৎপাদন কৰা উদ্যোগ এটা পাটাছাৰকুছি সমষ্টিত স্থাপন কৰাৰ হেতু ব্যৱস্থা হাতত লৈছোঁ।” এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত-গ্ৰামোন্বয়ন মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত বজালী দুগ্ধ উৎপাদক সমবায় সংঘৰ বাৰ্ষিক সাধাৰণ সভাত অংশগ্ৰহণ কৰি উক্ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে গোপালকসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰ উৎসাহিত কৰে৷ সংঘৰ স্থায়ী সভাপতি শ্ৰীপদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত আৰু বালাপাৰা আঞ্চলিক দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদক টিকেন্দ্ৰজিৎ ৰয়ে আঁত ধৰা সভাখনত বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, পশু চিকিৎসক ডাঃ হিতেশ পাঠক আদি বিশিষ্ট লোকসকলৰ উপস্থিতিত প্ৰগতিশীল গোপালক গিৰিধৰ কাকতিক বজালী দুগ্ধ উৎপাদক সমবায় সংঘৰ হ’কে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গামোছা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায়৷ সভাৰ আৰম্ভনিতে সংঘৰ প্ৰাক্তন কাৰ্যকৰী সঞ্চালক হৰিপদ বৈশ্যৰ বিয়োগত মৌনতা অৱলম্বন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এটি শোকপ্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি বজালীৰ গোপালকসকলক আত্মনিৰ্ভৰশীলতাৰ আদৰ্শ সৃষ্টি কৰি অৰ্থনীতিৰ ভড়াল টনকিয়াল কৰাৰ বাবে অনুপ্ৰেৰণা যোগাবলৈ বিশিষ্টসকলে সকলো গোপালকক আহ্বান জনায়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like