নিয়মীয়া বাৰ্তা, ১১ জুনঃ তৈলনগৰী ডিগবৈৰ মেধাৱী ছাত্ৰ অনিৰ্বাণ চক্ৰৱৰ্তীয়ে আমেৰিকাৰ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয় Texas A & Mত এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাৰ বাতৰিত সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ যোৱা ২৯ মে ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছতে একেখন বিশ্ববিদ্যালয়তে এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰে । অনিৰ্বাণে Phase change of material and thermal management শীৰ্ষক বিষয়ত গবেষণা কৰিছিল। উল্লেখ্য যে ডিগবৈৰ মিছনপাৰাৰ জ্যেষ্ঠ অধিবক্তা কমলেশ চক্ৰৱৰ্তী আৰু ৰুমা চক্ৰৱৰ্তীৰ পুত্ৰ অনিৰ্বাণ ডিগবৈ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি শিলচৰ এন আই টি ৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙত সুখ্যাতিৰে উত্তীৰ্ণ হৈ লগে লগে হিন্দুস্থান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডত এজন বিষয়া ৰূপে কলিকতাত নিযুক্তি লাভ কৰে । অনিৰ্বাণে ২০১৭ চনত আমেৰিকাৰ south Dakota State Universityত সম্পূৰ্ণ জলপানিসহ পঢ়াৰ সুবিধা লাভ কৰে । হিন্দুস্থান পেট্ৰলিয়ামৰ দৰে লোভনীয় চাকৰি পাঁচ মাহৰ ভিতৰতে ত্যাগ কৰি আমেৰিকাত অধ্যয়ন কৰি Dakota বিশ্ববিদ্যালয়তো সুখ্যাতিৰে এম এছ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতেই সম্পূৰ্ণ জলপানিসহ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয় আমেৰিকাৰ টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ত গৱেষণা ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল। মেধাৱী ছাত্রগৰাকীৰ সফলতাত ডিগবৈৰ বিভিন্নজন ব্যক্তিয়ে অভিনন্দন জনাইছে।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই