নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যাত অভিযুক্তক লৈ ক্রাইম স্পট নিৰীক্ষণ দণ্ডাধীশ–আৰক্ষীৰ

দ্রুতগতিত আগবাঢ়িছে খৈৰাবাৰীৰ অংকিতা হত্যাকাণ্ডৰ তদন্ত

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ  খৈৰাবাৰীৰ কলেজীয়া ছাত্রী অংকিতা পালৰ হত্যাকাৰী অমিত ভদ্রক লগত লৈ ভেৰগাঁও মহকুমাৰ দণ্ডাধীশ নির্মল শর্মাই দেওবাৰে ঘটনাস্থলী নিৰীক্ষণ কৰে৷ ১০ মার্চৰ নিশা সংঘটিত চাঞ্চল্যকাৰী হত্যাকাণ্ডটোৰ ঘটনাস্থলী নিৰীক্ষণৰ সময়ত অমিত ভদ্রৰ ভাষ্যও গ্রহণ কৰে দণ্ডাধীশগৰাকীয়ে৷ ভাষ্য গ্রহণৰ সময়ত অমিত ভদ্রই অংকিতা পালক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে৷ ঘটনাস্থলী নিৰীক্ষণৰ সময়ত দণ্ডাধীশগৰাকীৰ সৈতে মহকুমা (ভেৰগাঁও) আৰক্ষী বিষয়া নির্মল চন্দ্র ঘোষ আৰু খৈৰাবাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া হাছিম আলীও উপস্থিত আছিল৷ সম্প্রতি টংলা আৰক্ষীৰ জিম্মাত থকা অপৰাধী অমিত ভদ্রক আজি ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে    ঘটনাৰ বিৱৰণী অনুসৰি, কামৰূপ জিলাৰ পলাশবাৰী নিৱাসী ৰমা ভদ্রৰ পুত্র অমিত ভদ্রই খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাত অধ্যয়নৰত মেধাৱী ছাত্রী অংকিতা পালক কেইবাবাৰো প্রেমৰ প্রস্তাৱ আগবঢ়াইছিল৷ অংকিতাই বাৰে বাৰে সেই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷ প্রেমত প্রত্যাখ্যাত হৈ হতাশাত ভোগা অমিত ভদ্রই খৈৰাবাৰীৰ ওচৰৰ বটামাৰী গাঁৱৰ সম্পর্কীয় লোকৰ ঘৰত কেইবা দিন ধৰি বাহৰ পাতি থাকি অংকিতাক লগ ধৰাৰ চেষ্টা চলাই আছিল৷ অংকিতাই অমিতক প্রত্যাখ্যান কৰি আহিছিল যদিও বুধবাৰে নিশা শেষবাৰৰ বাবে লগ ধৰাৰ প্রস্তাৱ দি ছলনাৰে ঘৰৰ পিছফালে ফোন কৰি অংকিতাক মাতি নিয়ে অমিতে৷ অংকিতাই ঘৰৰ পৰা ওলাই অমিতৰ ওচৰলৈ যোৱাৰ লগে লগে অমিতে ঘৰৰ পৰা কিছু দূৰলৈ টানি নি অংকিতাক চোকা অস্ত্রৰে ডিঙি কাটি হত্যা কৰে আৰু নিশাই নিজৰ এ এছ ২৫ পি ৩৮৬৮ নম্বৰৰ পালছাৰ বাইকেৰে পলাশবাৰীৰ নিজ ঘৰলৈ পলায়ন কৰে৷ অৱশ্যে উক্ত নিশাই খৈৰাবাৰীৰ আৰক্ষীৰ সহযোগত পলাশবাৰী আৰক্ষীয়ে হত্যাকাৰী অমিত ভদ্রক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷

You might also like