নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁটে প্রতিৰোধ কৰিবই মহাজোঁটক

ৰহাত বিজেপি–গপক ভাই ভাই আখ্যা মন্ত্রী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ বিজেপি, অগপই একেলগে নির্বাচন নেখেলিলে কংগ্রেছ, এআইইউডিএফক হৰুৱাব নোৱাৰে৷ অগপ বিজেপি ভাই ভাই আৰু একেলগ হৈ কংগ্রেছ–এআইইউডিএফক্ প্রতিৰোধ কৰিমেই৷’ ৰহাত এই মন্তব্য কৰিলে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই৷ আজি বিয়লি ৰহাৰ বিজেপি মিত্রদলৰ কার্যালয়ত অনুষ্ঠিত বিজেপি–গপৰ যৌথসভাত অংশগ্রহণ কৰি মন্ত্রী হাজৰিকাই পুনৰ কয় যে কংগ্রেছ–এআইইউডিএফ মহাজোঁট নহয়, মহাজঁটহে৷ এই মহাজঁট আহিলে সকলো শেষ হৈ যাব৷ ইপিনে প্রথম পর্যায়ৰ নির্বাচনৰ ৪৭খন আসনৰ ভিতৰত ৪১–৪২খন আসন মিত্রজোঁটে লাভ কৰিব বুলি দাবী কৰি পীয়ূষ হাজৰিকাই অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হ’ব বুলি কয়৷ উল্লেখ্য যে ৰহা সমষ্টিত বিজেপিৰ বহুকেইজন নেতাই দলীয় টিকট নোপোৱাৰ সকলো খং ক্ষোভ সামৰি মন্ত্রীগৰাকীৰ কথা মতেই যৌথ সভাখনত বিজেপিৰ সকলো নেতা–কর্মীয়ে অংশগ্রহণ কৰে যদিও প্রাক্তন বিধায়ক ডিম্বেশ্বৰ দাসক দেখা নগ’ল উক্ত সভাত৷ সভাত নগাঁও লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ তথা প্রাক্তন ৰাজ্যিক ৰে’লমন্ত্রী ৰাজেন গোহঁাই, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, সঞ্জীৱ হাজৰিকাকে ধৰি নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷ উল্লেখ্য যে সভাখনলৈ ৰহাৰ সাংবাদিকক নিমন্ত্রণ কৰি সামান্য সৌজন্যকণো নেদেখুওৱাৰ বাবে আধাতে সভা এৰি আহিবলৈ বাধ্য হয় ৰহাৰ সাংবাদিকসকল৷

You might also like