নিয়মীয়া বাৰ্তা, ২৯ জুলাই : আজিৰ পৰা ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ দুদিনীয়া বাৰ্ষিক অধিৱেশন। আজি পুৱা ৭.৩০ বজাত জিলা পুথিভঁৰাল প্ৰাংগণত সাংগঠনিক পতাকা উত্তোলনেৰে সংগঠনটোৰ অধিৱেশনখনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা সংগঠনটোৰ কেইবাশ কাৰ্যকৰ্তা পঞ্জীয়ন কাৰ্য্যসূচী। ১১ বজাৰ পৰা অনুষ্ঠিত হয় দুদিনীয়া এই অধিৱেশনৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। আজিৰ এই উদ্বোধনী কাৰ্যসূচীতেই সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ “সীমান্ত-২৩” শীৰ্ষক স্মৰণিকা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সংযোজক এ গোপাল কৃষ্ণনে। ৰাষ্ট্ৰীয় সংযোজক এ গোপাল কৃষ্ণনে নিজৰ মনোজ্ঞ ভাষণত দেশমাতৃক সেৱা কৰাৰ ভৱিষ্যৎ কাৰ্য্যপ্ৰণালী নিৰ্ধাৰণ কৰাৰ বাবে প্ৰতিবছৰে সংগঠনটোৱে এইদৰে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আহিছে বুলি উনুকিয়ায়। উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সংযোজক এ গোপাল কৃষ্ণন, সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সহ-সংযোজক প্ৰদীপণ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড০ প্ৰতিমা নিয়োগী, সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সভানেত্ৰী ড০ বিনীতা ভাগৱতী, ৰাজ্যিক সাধাৰণ সম্পাদক দেৱাশিস দত্ত, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী