নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰলৈ সাংসদ গৌৰৱ গগৈৰ আন এক দেশবিৰোধী ভয়ংকৰ কাৰ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ বিতৰ্ক চলি থকাৰ সময়তে সাংসদগৰাকীৰ আন এক দেশ বিৰোধী কাৰ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, ২০১৫ চনত ভাৰতস্থিত পাকিস্তানৰ উচ্চাযুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চাযুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কাৰ্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টার্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্রণ জনাইছিল। এই নৱাগত সাংসদজন আন কোনো নাছিল, তেওঁ আছিল গৌৰৱ গগৈ। লক্ষণীয়ভাৱে, সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল। সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বিশেষকৈ হুৰিয়ৎ কনফাৰেন্সৰ সৈতে সংপৃক্ত দেশৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্রতিবাদ কৰাৰ পাছতো সংসদজনে এই আমন্ত্ৰণ ৰক্ষা কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে ৫০-৬০জন ভাৰতীয় যুৱকক লগত লৈ পাকিস্তানী বিষয়াবর্গক সাক্ষাৎ কৰিছিল। এই ঘটনাৰ পাছতে সংসদ গৌৰৱ গগৈৰ ষ্টার্টআপে ‘দ্য হিন্দু’ কাকতত এটা প্রবন্ধ প্রকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত নিৰাপত্তা বাহিনীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল। তেওঁৰ সেই সময়ৰ সংসদীয় প্রশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্রেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গির্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পৰ্শকাতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাটো পৰিলক্ষিত হয়৷ এই প্রসংগই বাস্তৱিকতে অতি স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি তেওঁৰ অবাঞ্ছিত আগ্রহকে প্রতিপন্ন কৰিছে। লক্ষণীয়ভাৱে এই সমগ্র ঘটনাপ্রবাহ তেওঁ ‘প্রফেচনেল বেকগ্রাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছমুহূৰ্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটাইছে। বিবাহৰ পূৰ্বে সংসদজনৰ পত্নী এলিজাবেথ ক’লবাৰ্ণয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল৷ এলিজাবেথ ক’লবাৰ্ণ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল। এই সমগ্র ঘটনাপ্রবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে। উল্লেখ্য যে, বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়৷ ৰাজনীতিত কৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্রাথমিক অগ্ৰাধিকাৰ পাব লাগে, সেয়ে সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চর্তসমূহ সম্পূর্ণকৈ মানি চলিছিল নে নাই সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।

You might also like