নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাগ গোৱেল ৰাজ্যৰ নতুন মুখ্য নির্বাচনী বিষয়া

বিশেষ বাৰ্তা, ১৩ জুনঃ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলক ৰাজ্যৰ নতুন মুখ্য নির্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷ ভাৰতীয় নির্বাচন আয়োগৰ অনুমোদন মর্মে ৰাজ্য চৰকাৰে গোৱেলক এই পদত নিযুক্তি দিয়ে৷ পূর্বে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া হিচাপে কার্যনির্বাহ কৰিছিল নীতিন কুমৰ খাড়েই৷ ইফালে ৰাজ্যৰ ১১গৰাকী এ চি এছ বিষয়াক ভাৰতীয় প্রশাসনিক সেৱা (আইএএছ) কেডাৰলৈ পদোন্নতি দিয়া হৈছে৷ এক নির্দেশনাযোগে ভাৰত চৰকাৰৰ অৱৰ সচিব পংকজ গোস্বামীয়ে বিষয়াকেইজনক পদোন্নতি দিয়ে৷ আইএএছ হিচাপে পদোন্নতি লাভ কৰা বিষয়াকেইগৰাকী হৈছে মণিকা বৰগোহাঁই, গীতাঞ্জলি ভট্টাচার্য, মহম্মদ শ্বাহ নৱাজ চৌধুৰী, কাব্যশ্রী মহন্ত, স্মিতাক্ষী বৰুৱা, মালবিকা চৌধুৰী, ইন্দ্রেশ্বৰ কলিতা, কৌশৰ জামিল হিলালী, দেৱ কুমাৰ কলিতা আৰু অৰুন্ধতী চক্রৱর্তী৷ ৰাজ্য চৰকাৰৰ সৈতে হেৱো আলোচনাৰ পাছত বিষয়াকেইজনক আইএএছ বিষয়া হিচাপে পদোন্নতি প্রদান কৰে৷ ২০২১ বর্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ খালী পদৰ বিপৰীতে তেওঁলোকক বাছনি কৰা হৈছে।

You might also like