নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ। কৃষি উন্নয়ন বিষয়া নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০১৮ বৰ্ষতেই প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত চলিত বৰ্ষৰ ৩০ জানুৱাৰীত APSC-এ ঘোষণা কৰিছিল কৃষি উন্নয়ন বিষয়া পদৰ ১১৫জনীয়া এখন প্ৰাৰ্থীৰ তালিকা।
কিন্তু বিতৰ্কই লগ নেৰা APSCৰ বিৰুদ্ধে যোগ্য আৰু অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীক নম্বৰ নিদিয়াকে ধৰি বিভিন্ন অভিযোগৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ প্ৰাৰ্থী। এই অভিযোগৰ ভিত্তিতেই স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।