ৰাজ্য চৰকাৰৰ গ্ৰুপ A, গ্ৰুপ B পদৰ বাবে সংযুক্ত পৰীক্ষা পাতিব APSCয়ে
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যখনত নিযুক্তিৰ ক্ষেত্রত এক ব্যাপক সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দেওবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে এতিয়াৰে পৰা একে সময়তে ৰাজ্য চৰকাৰৰ প্রথম আৰু দ্বিতীয়বর্গৰ পদ পূৰণৰ ক্ষেত্রত অসম লোকসেৱা আয়োগৰ দ্বাৰা প্রার্থী বাছনিৰ বাবে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ এক যুগান্তকাৰী সিদ্ধান্ত গ্রহণ কৰে৷
কেবিনেট বৈঠকৰ অন্তত দিছপুৰৰ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসেৱা আয়োগে বর্তমান ২৮বিধ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে৷ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ প্রথম আৰু দ্বিতীয়বর্গৰ আৰু ৪৮বিধ পদ পূৰণৰ বাবে আয়োগক বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অর্পণ কৰে৷ অৱশ্যে সুকীয়া সুকীয়াকৈ সেই পদসমূহৰ প্রার্থী বাছনি কৰাৰ পৰিৱর্তে আয়োগে প্রতিবছৰে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত পূর্বৰ ২৮বিধ পদৰ লগতে নতুনকৈ আৰু ৪৮বিধ ৰাজপত্রিত পদৰ পৰীক্ষা অনুষ্ঠিত কৰি প্রার্থী বাছনি কৰিব৷ পৰীক্ষাৰ ফলাফলৰ ক্রম অনুসৰি প্রার্থীসকলে কি পদ লাভ কৰিব, সেয়া নিশ্চিত হ’ব৷
ইয়াৰ ফলত মেধাৱীসকল বঞ্চিত নহ’ব৷ সেইদৰে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুর্থবর্গৰ পদসমূহ পূৰণৰ বাবে ইতিমধ্যে গঠন কৰা তৃতীয়বর্গৰ নিয়োগ আয়োগ আৰু চতুর্থবর্গৰ নিয়োগ আয়োগৰ বিধিতো কেবিনেটে অনুমোদন জনায়৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিযুক্তিৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ কেবিনেটে আজি গ্রহণ কৰা এই সিদ্ধান্ত এক বৃহৎ সংস্কাৰ৷ ইয়াৰ ফলত বছৰৰ পদসমূহ বছৰটোতে পূৰণ হ’ব আৰু নিযুক্তিৰ ক্ষেত্রত বছৰত এবাৰেই পৰীক্ষা অনুষ্ঠিত হ’ব৷