নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ জানুৱাৰী পর্যন্ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নির্দেশ হাইক’ৰ্টৰ

এপিএছচিৰ পৰীক্ষাত ভাষাৰ প্রশ্ণকাকত

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আইনী মেৰপেঁচৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা৷ প্রাথমিক পৰীক্ষাৰ অন্তত এতিয়াও আইনী মেৰপেঁচৰ বাবেই মূল পৰীক্ষাৰ দিন নির্ধাৰণ কৰিব পৰা নাই আয়োগে৷ বিশেষকৈ ভাষাৰ বাধ্যতামূলক প্রশ্ণকাকত প্রত্যাহাৰক লৈ সৃষ্টি হোৱা বিতর্কৰ বাবেই সম্পূর্ণ পৰীক্ষাটোৱে সোমাই পৰিছে আইনী মেৰপেঁচত৷ এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এ পি এছ চিৰ মূল পৰীক্ষাৰ দিন অহা ১৭ জানুৱাৰী পর্যন্ত ঘোষণা নকৰিবলৈ নির্দেশ দিছে৷ এই সন্দর্ভত দাখিল হোৱা ৮৩/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে এই নির্দেশ প্রদান কৰিছে৷

উল্লেখ্য যে শেহতীয়াকৈ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰে ভাষাৰ প্রশ্ণকাকত এ পি এছ চিৰ পৰীক্ষাৰ পৰা প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ সমান্তৰালভাৱে ভাষাৰ এই বাধ্যতামূলক প্রশ্ণকাকতখনৰ পৰা একাংশ প্রার্থীক বাদ দি আন একাংশৰ বাবে বাধ্যতামূলক কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰিছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ অনুষ্ঠিত আন এক শুনানিত উচ্চ ন্যায়ালয়ে কেবিনেট সিদ্ধান্ত অনুসৰিয়েই ভাষাৰ প্রশ্ণকাকত নোহোৱাকৈয়ে এইবাৰ মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতিও প্রদান কৰিছিল৷ কিন্তু ইয়াৰ মাজতে পুনৰ আন এখন ৰাজহুৱা স্বার্থজড়িত আবেদনেৰে ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰত প্রত্যাহ্বান জনোৱা হয়৷ অৱশ্যে পূর্বৰ বিচাৰপীঠতে এই আবেদনখনৰ শুনানি নোহোৱা বাবেই সংশ্লিষ্ট বিচাৰপীঠলৈ এই আবেদন পুনৰ শুনানিৰ বাবে প্রেৰণ কৰা হৈছিল৷ সোমবাৰে এই আবেদনখনেই সংশ্লিষ্ট বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে৷ সেয়েহে ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্রহণ কৰি অহা ১৭ জানুৱাৰী পর্যন্ত মূল পৰীক্ষাৰ দিন ঘোষণা নকৰিবলৈ নির্দেশ দিয়াৰ লগতে একেটা দিনতে পুনৰ শুনানিৰ দিন ধার্য কৰিছে৷ ইয়াৰ লগে লগে পুনৰ এ পি এছ চিৰ মূল পৰীক্ষাৰ দিন নির্ধাৰণক লৈ অনিশ্চয়তা সৃষ্টি হৈছে৷

You might also like