নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSCৰ ফলাফল ঘোষণাৰ নির্দেশ হাই ক’ৰ্টৰ

৬ পদ খালী এৰিহে ঘোষণা কৰিব পাৰিব ফলাফল

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ অৱশেষত ২০১৮ চনত অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি আয়োগক ফলাফল ঘোষণাৰ অনুমতি প্রদান কৰিলেও বান্ধি দিছে চর্ত৷ সেই অনুসৰি ৬টা পদ এৰি ফলাফল ঘোষণা কৰিব লাগিব অসম লোকসেৱা আয়োগে৷ অসম অসামৰিক সেৱাৰ তিনিটা পদকে ধৰি আয়কৰ আৰু শ্রম পৰিদর্শকৰ পদ খালী ৰাখিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ২০১৮ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ভুল এনছাৰ কী অন্তর্ভুক্ত হোৱাৰ বাবে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মুঠ ৩৬,২৩২গৰাকী প্রার্থী এই পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰ ভিতৰত ৩,৩৬১গৰাকী প্রার্থী উত্তীর্ণ হৈছিল৷ কিন্তু ইয়াৰ মাজতে এ পি এছ চিয়ে আন এখন তালিকা প্রকাশ কৰে৷

ভুল এনছাৰ কীৰ বাবে আয়োগে দুবাৰ ফলাফল ঘোষণা কৰিবলগীয়া হয়৷ পৰৱর্তী সময়ত এই বিষয়টো উচ্চ ন্যায়ালয়ত উত্থাপন হয় আৰু নতুনকৈ ২১জনক মূল পৰীক্ষাত বহিবলৈ অনুমতি দিয়ে৷ মুঠ ৩,২১৮গৰাকী প্রার্থী মূল পৰীক্ষাত অৱতীর্ণ হয়৷ অৱশ্যে মূল পৰীক্ষাৰ লগতে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ নির্দেশ দিলেও আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণা নকৰিবলৈ নির্দেশ দিয়া হৈছিল৷ সেই অনুসৰি শেহতীয়াকৈ আয়োগে বন্ধ খামত দাখিল কৰিছিল ফলাফল৷ ইয়াৰ ভিত্তিতে ৬ আবেদনকাৰীৰ আবেদন অনুসৰি পদ খালী ৰাখি আন পদসমূহৰ ফলাফল ঘোষণা কৰিবলৈ আজি অনুমতি প্রদান কৰা হয়৷

You might also like