নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত দলীয় পতাকা উত্তোলন ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ  আজিৰে পৰা   বৰাক উপত্যকাৰ  কৰিমগঞ্জ জিলাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দলীয় পতাকা উত্তোলন কৰি উদ্বোধনী বক্তব্য আগবঢ়াই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
উক্ত সভাত  মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী  আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি দলীয় বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে ৷
ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে  ক্ষীপ্ৰতাৰে নতুন আন্তঃগাঁথনিৰে নৱ নিৰ্মিত অসম গঢ়াৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। আমাৰ বাবে “সেৱাই সংগঠন”। নিঃস্বাৰ্থ সেৱাৰ মাজেৰে আমি গঢ়িব খোজো অন্যতম “অসম”। অন্যতম অসমখন গঢ়িবলৈ আমাৰ কাৰ্যকৰ্তা সকলে সদায় সেৱা মনোভাৱেৰে ৰাইজৰ মাজত প্ৰতিটো পৰিস্থিতিত আন্তৰিকতাৰে কাম কৰি আছে।
কৰিমগঞ্জত শক্তিশালী ভাৱে দলে প্ৰদৰ্শন কৰিব লগা ফলাফলে ১০০+ ৰ লক্ষ্যত শক্তিশালী ভূমিকা ল’ব বুলি মই কাৰ্যকৰ্তা সকলৰ দক্ষতাৰে পুনৰ এবাৰ নিশ্চিত হৈছোঁ। এইদৰে আশা ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
You might also like