প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ বিস্ফোৰণঃ অচিৰেই নতুনকৈ জালত পৰিব আৰু ২৫–৩০গৰাকী বিষয়া
নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ৰাজ্য কঁপোৱা এ পি এছ চি কেলেংকাৰিৰ তদন্তৰ শীঘ্রে অন্ত পৰিব আৰু ইয়াৰ লগত জডিত ৩৯গৰাকী ৰাজপত্রিত বিষয়াৰ লগতে আন কেইবাগৰাকীও বিষয়া কেলেংকাৰিৰ জালত পৰাৰ সম্ভাৱনা আছে৷ এইসকল বিষয়াও তদন্তৰ আওতালৈ আহিব৷ –এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ৷
শুকুৰবাৰে গণেশ চতুর্থী পূজা উপলক্ষে পাঠশালা কালীঘাটস্থিত গণেশ মন্দিৰত সেৱা লোৱাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই এনেদৰে মন্তব্য কৰি কয় যে জালিয়াতিৰে ৰাকেশ পালৰ দিনত এ চি এছ আৰু এ পি এছ বিষয়া হোৱা আৰু ২৫–৩০গৰাকী বিষয়া জালত পৰাৰ সম্ভাৱনা আছে৷ প্রথম পর্যায়ত ৩৯গৰাকী এনে ৰাজপত্রিত বিষয়া গ্রেপ্তাৰ হোৱাৰ পাছত এতিয়া এনে ২৫–৩০গৰাকী বিষয়াৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত চলি আছে আৰু শীঘ্রেই এনে বিষয়া জালত পৰাৰ সম্ভাৱনা আছে৷
তেওঁ কয় যে শীঘ্রেই এ পি এছ চি কেলেংকাৰিৰ ৩৯গৰাকী ৰাজপত্রিত বিষয়া সন্দর্ভত প্রতিবেদন দাখিল কৰা হ’ব৷ সমগ্র বিষয়টো লেখ আবেদন আৰু আপীল পর্যায়ত থকাৰ সময়তে এই বিষয়াসকলৰ তদন্তৰ সবিশেষ প্রতিবেদন দাখিল কৰা হ’ব৷ তেওঁ আৰু কয় যে সম্প্রতি এ পি এছ চি কেলেংকাৰিত ২৫–৩০গৰাকী ৰাজপত্রিত বিষয়াৰ নাম দ্বিতীয় পর্যায়ত সন্নিৱিষ্ট হ’ব পাৰে আৰু যদি তেওঁলোক দোষী সাব্যস্ত হয়, তেন্তে বিপদত পৰাৰ সম্ভাৱনা আছে৷ তদন্ত অনুসৰি ৰাজপত্রিত বিষয়াসকলৰ উত্তৰবহী আৰু মার্কশ্বীটত থকা বিসংগতিৰো সবিশেষ তদন্ত কৰা হ’ব বুলি বিপ্লৱ কুমাৰ শর্মাই জানিবলৈ দিয়ে৷
উল্লেখ্য যে বজালীৰ সু–সন্তান বিপ্লৱ কুমাৰ শর্মাই ১০ বছৰ পূর্বেই নিজৰ পিতৃৰ স্মৃতিত পাঠশালাৰ কালীঘাটত এটা গণেশ মন্দিৰ নির্মাণ কৰিছিল আৰু প্রতিবছৰে তেওঁ তাত পৰিয়ালসহ পূজা–র্চনা কৰি আহিছে৷ আজিও তেওঁ পৰিয়ালসহ পূজাত অংশগ্রহণ কৰাৰ পাছত সাংবাদিকক গুৰুত্বপূর্ণ বিষয়সমূহ জানিবলৈ দিয়ে৷ তেওঁ আজি একেলগে অসমীয়া সাংবিধানিক কৱচ বিষয়ত জডিত ৬নং দফা সন্দর্ভতো গুৰুত্বপূর্ণ মন্তব্য প্রকাশ কৰে৷
উল্লেখ্য যে সর্বানন্দ সোণোৱাল চৰকাৰে ৬নং দফাৰ প্রতিবেদন প্রস্তুত কৰাৰ গুৰুদায়িত্ব প্রদান কৰিছিল বিপ্লৱ কুমাৰ শর্মাক৷ ইতিমধ্যে সবিশেষ পর্যালোচনা আৰু অনুসন্ধানৰ অন্তত প্রতিবেদন প্রস্তুত কৰি যোৱা বর্ষৰ ২০ ফেব্রুৱাৰীত বিপ্লৱ শর্মাই প্রতিবেদন দাখিল কৰিছিল আৰু সেয়া কার্যকৰী কৰাৰ দায়িত্ব আছিল কেন্দ্রীয় চৰকাৰৰ৷ উক্ত প্রতিবেদন দুই বছৰৰ ভিতৰত কার্যকৰী হ’ব লাগিছিল যদিও এতিয়া দুই বছৰ উকলি যাবলৈ মাথোঁ ৪–৫ মাহ বাকী৷ তথাপি কিন্তু প্রতিবেদনখন আজিলৈ কার্যকৰী নহ’ল৷ এতিয়াৰ চৰকাৰ আৰু আছুৰ মাজত পুনৰ অসম চুক্তি ৰূপায়ণ মন্ত্রী আৰু মুখ্যমন্ত্রীয়ে নতুনকৈ আলোচনাত বহিছে যদিও আলোচনা অনুসৰি নতুনকৈ কৰিব লগা একো নাই৷ কাৰণ ৬নং দফা এতিয়া মাথোঁ কার্যকৰী কৰিবহে বাকী আছে৷
সেই সময়ত প্রতিবেদন প্রস্তুত কৰা সময়ত থকা আছুৰ তিনিজন নেতা এইবাৰো মুখ্যমন্ত্রীৰ সৈতে আলোচনাত বহিছে৷ গতিকে বিপ্লৱ কুমাৰ শর্মাও আশাবাদী যে অসমীয়াৰ সাংবিধানিক সুৰক্ষা কৱচ প্রদান কৰিব পৰা ৬নং দফা কার্যকৰী হ’ব৷