নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পর্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র

🔹 স্পর্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক দিয়া হ’ব আগ্নেয়াস্ত্রৰ অনুজ্ঞা-পত্র

🔹 ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

বিশেষ বাৰ্তা, ২৯ মে’ : খিলঞ্জীয়া লোকক  লৈ ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে স্পর্শকাতৰ অঞ্চলৰ খিলঞ্জীয়া লোকক সুৰক্ষা প্রদানৰ লক্ষ্যৰে মাৰণাস্ত্র ৰখাৰ বাবে অনুজ্ঞা-পত্র দিয়াৰ সিদ্ধান্ত লয়৷ কেবিনেটৰ অন্তত এখন সংবাদ মেলযোগে এই সম্পর্কীয় বিস্তৃত তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধুবুৰী, নগাঁও, বৰপেটা আদিকে ধৰি ৰাজ্যৰ স্পর্শকাতৰ অঞ্চলসমূহত খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে মাৰণাস্ত্র ৰখাৰ বাবে অনুজ্ঞা-পত্র প্রদান কৰিব৷ কেইবাখনো জিলাত ভাবুকিৰ মাজত থকা খিলঞ্জীয়া লোকসকল বাংলাদেশীৰ আক্রমণৰ লক্ষ্য হৈ পৰাৰ সম্ভাৱনা বেছি৷ চৰকাৰে তেওঁলোকক বন্দুক কিনি নিদিয়ে৷ কিন্তু নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক আর্মছ লাইচেঞ্চ দিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেটে গ্রহণ কৰা এই সিদ্ধান্ত অহা ২৪ ঘণ্টাত কার্যকৰী কৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ ইফালে, গুৱাহাটীত থকা সৰুসজাইৰ স্প’ৰ্টছ কমপ্লেক্সক অর্জুন ভোগেশ্বৰ বৰুৱা স্প’ৰ্টছ কমপ্লেক্স হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লয় কেবিনেটে৷ একেদৰে ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠান, চমুকৈ এছ আই পি আৰ ডিক গোলাপ বৰবৰা নামেৰে নামকৰণ কৰাৰ বাবেও কালি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ প্রয়াত প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকী উদযাপনৰ প্রতি লক্ষ্য ৰাখি কেবিনেটে এই সিদ্ধান্ত লয়৷ সমান্তৰালভাৱে মঙলদৈ ষ্টেডিয়ামক ৰজা ধর্মনাৰায়ণ ষ্টেডিয়াম হিচাপে নামকৰণতো কেবিনেটে অনুমোদন জনায়৷ কেবিনেটে টাটা টেকন’লজী লিমিটেডৰ সহযোগত ৩৪ পলিটেকনিক আৰু ৪৩ চৰকাৰী আইটিআইক উৎকর্ষ কেন্দ্রলৈ উন্নীতকৰণৰ বাবে ২৫০ কোটি টকা সাহায্য বিচৰাত অনুমোদন জনায়৷ ৰাজ্যিক কেবিনেটে পশ্চিম কার্বি আংলঙত ৯০০ মেগাৱাট অফ–ষ্টীম পাম্পড ষ্ট’ৰেজ প্রকল্পৰ উন্নয়নৰ বাবে এপিডিচিএলৰ দ্বাৰা গ্রীন কো–এনার্জীক ভূমি আবণ্টন দিয়াত অনুমোদন জনায়৷ আনহাতে, কেবিনেটে ৰাষ্ট্রীয় ভোজ্য তেল–তৈল খেজুৰ অভিযানৰ অধীনত তৈল খেজুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্রেণীৰ ভূমি শিথিলতাত অনুমোদন জনায়৷ অভিযানৰ অধীনত কৃষকসকলক ম্যাদী পট্টাৰ ভূমি আৰু একচনীয়া ভূমিৰ লগতে অন্যান্য শ্রেণীৰ ভূমিত তৈল খেজুৰ উৎপাদনৰ অনুমতি প্রদান কৰে কেবিনেটে৷

You might also like