অৱশেষত সেনামুক্ত অসমঃ সেনাবাহিনীৰ ফ’ৰ ক’ৰক অৰুণাচল-লাডাখলৈ প্রেৰণ
- নীতিগতভাৱে সলনি হৈছে নতুন দিল্লীৰ স্থিতি
- তেজপুৰস্থিত ‘মাউণ্টেইন ট্রুপ’ক সমগ্র ৰাজ্যৰ পৰা প্রত্যাহাৰ
- চীনৰ আগ্রাসন ৰুধিবলৈ সীমান্তত অতিৰিক্তভাৱে ৬ ডিভিজনৰ ৯০ হাজাৰৰো অধিক জোৱান মোতায়েন
নিয়মীয়া বাৰ্তা, ৩০ মে’: অৱশেষত সেনামুক্ত হ’ল অসম৷ সমগ্র অসমৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আহন প্রত্যাহাৰ কৰা নহ’লেও আইন–শৃংখলা নিয়ন্ত্রণত এই মুহূর্তত অসমত ভাৰতীয় সেনাবাহিনীৰ কোনো উপস্থিতি নাই৷ প্রতিৰক্ষা মন্ত্রালয়ৰ এক শীর্ষ সূত্রই এই কথা প্রকাশ কৰিছে৷ বিগত কেইবাদশক ধৰি বিচ্ছিন্নতাবাদী শক্তিয়ে গা কৰি উঠা অসমৰ বাবে এয়া এক তাৎপর্যপূর্ণ বিষয়৷
সূত্রটোৱে প্রকাশ কৰা মতে, অসমৰ উগ্রপন্থীবিৰোধী অভিযানত এতিয়াৰে পৰা ভাৰতীয় সেনাবাহিনীৰ কোনো ভূমিকা নাথাকিব৷ মূলতঃ চীন সীমান্তত যোৱা দুবছৰ ধৰি ক্রমান্বয়ে বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্রেক্ষিতত অসম আৰু জম্মু–কাশ্মীৰৰ লগতে দেশৰ ভিন্ন প্রান্তত উগ্রপন্থীবিৰোধী অভিযানত নিয়োজিত সেনাবাহিনীক শেহতীয়াকৈ লাডাখ আৰু অৰুণাচল প্রদেশ সীমান্তলৈ প্রেৰণ কৰা হৈছে৷
সেই অনুসৰি যোৱা কেইবাদশক ধৰি অসমত উগ্রপন্থীবিৰোধী অভিযানত নিয়োজিত তেজপুৰস্থিত সেনাবাহিনীৰ ফ’ৰ ক’ৰ ডিভিজনক অলপতে সমগ্র ৰাজ্যখনৰ পৰা প্রত্যাহাৰ কৰা হৈছে৷ গজৰাজ ক’ৰ হিচাপে পৰিচিত এই ডিভজনটোক এতিয়া অৰুণাচল প্রদেশত থকা চীন সীমান্তত নিয়োজিত কৰা হৈছে৷
মন কৰিবলগীয়া যে অসমত উগ্রপন্থীবিৰোধী অভিযানত হমান দিন লিপ্ত হৈ থকা সেনাৰ ফ’ৰ ক’ৰটো হৈছে দৰাচলতে ‘মাউণ্টেহন ড্রুপ’৷ সূত্রটোৱে বিশেষভাৱে প্রকাশ কৰা মতে, কেৱল সেনাৰ ফ’ৰ ক’ৰ বুলি নহয়, অসমৰ উগ্রপন্থীবিৰোধী অভিযানত এতিয়া সেনাৰ কোনো গোটেই জডিত হৈ থকা নাই৷ বাস্তৱত লাডাখ সীমান্তৰ দৰেই বিগত কিছু মাহ ধৰি অৰুণাচল সীমান্ততো সেনাবাহিনী মোতায়েন ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে৷ ফ’ৰ ক’ৰৰ উপৰি ১৭ মাউণ্টেহন ষ্ট্রাইক ক’ৰকো অলপতে লাডাখ ফ্রণ্টৰ পৰা অৰুণাচল সীমান্তলৈ প্রেৰণ কৰা হৈছে৷
আনহাতে, পাকিস্তান সীমান্তত দীর্ঘদিন ধৰি নিয়োজিত হৈ থকা ঝাৰখণ্ডস্থিত সেনাৰ এটা ডিভিজনকো অতিৰিক্তভাৱে অৰুণাচল সীমান্তত মোতায়েন কৰা হৈছে৷ অতি তাৎপর্যপূর্ণ বিষয়টো হৈছে ইমানদিন পাকিস্তান সীমান্তৰ নিৰাপত্তাক লৈ চৰকাৰে সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছিল যদিও নীতিগতভাৱে নতুন দিল্লীৰ স্থিতি এতিয়া সলনি হৈছে৷ উগ্রপন্থীবিৰোধী অভিযানত নিয়োজিত সেনা ডিভিজনসমূহৰ উপৰি পাকিস্তান সীমান্তত নিয়োজিত একাধিক ডিভিজনকো এতিয়া চীন সীমান্তলৈ প্রেৰণ কৰি থকা হৈছে৷ এনেকুৱা মুঠ ৬টা সেনা ডিভিজন এতিয়া ভাৰত–চীন সীমান্তত অতিৰিক্তভাৱে মোতায়েন কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে কেইবাদশক ধৰি আপদকালীন যুদ্ধ পৰিস্থিতি মোকাবিলাৰ বাবে পাকিস্তান সীমান্তত নিয়োজিত হৈ থকা উত্তৰ প্রদেশস্থিত সেনাৰ দুটা ডিভিজন৷ একেদৰে জম্মু আৰু কাশ্মীৰৰ উগ্রপন্থীবিৰোধী অভিযানৰ বাবে দীর্ঘদিন ধৰি নিয়োজিত হৈ থকা সেনাবাহিনীৰ ৰাষ্ট্রীয় ৰাইফলছ ডিভিজনকো লাডাখ সীমান্তত এতিয়া মোতায়েন কৰা হৈছে৷
আনহাতে, হঠাতে উত্তৰাখণ্ড সীমান্ততো বৃদ্ধি পোৱা চীনৰ আগ্রাসনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যখনত থকা সেনাৰ ডিভিজনটোক সমগ্র উত্তৰ–মধ্য ভাৰত–চীন সীমান্তত মোতায়েন কৰা হৈছে৷ মুঠতে ভাৰত–চীন সীমান্তত শেহতীয়াকৈ ৯০,০০০ৰো বেছি অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে বুলি সূত্রটোৱে সদৰী কৰে৷ বিগত কেইবাবছৰ ধৰি সীমান্তত চীনৰ আগ্রাসনৰ প্রতি লক্ষ্য ৰাখি ড্রেগনৰ দেশখনক কঠোৰ বার্তা প্রেৰণ কৰাৰ বাবেই নতুন দিল্লীয়ে শেহতীয়াকৈ নীতিগতভাৱে কৌশল সলনি কৰি পাকিস্তানৰ পৰিৱর্তে চীন সীমান্তৰ নিৰাপত্তাত অধিক গুৰুত্ব প্রদান কৰা বুলি সূত্রটোৱে উল্লেখ কৰে৷
প্রকাশ পোৱা মতে, সীমান্তত চীনৰ আগ্রাসন বৃদ্ধি পোৱাৰ বিপৰীতে শেহতীয়াকৈ বিজেপি মিত্রজোঁট চৰকাৰৰ শাসনত অসমত লক্ষণীয়ভাৱে হ্রাস পাইছে আলফাকে ধৰি আন উগ্রপন্থী সংগঠনৰ কূটাঘাতমূলক কার্যকলাপ৷ বিশেষকৈ যোৱা এটা বছৰত কেইবাটাও উগ্রপন্থী সংগঠনে অস্ত্র সম্বৰণ কৰাৰ উপৰি আলফাই অস্ত্রবিৰতি ঘোষণা কৰিছে৷ এনে পৰিস্থিতিত অসম এতিয়া প্রায় সন্ত্রাসমুক্ত আৰু সেয়ে অসমত সেনাবাহিনীৰ উপস্থিতি অপৰিহার্য হৈ থকা নাই৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই প্রতিৰক্ষা মন্ত্রালয়ে এনেধৰণৰ পদক্ষেপ লোৱা বুলি সুত্রটোত প্রকাশ৷