নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ হাফলঙত সেনা-সন্দেহযুক্ত NSCN-ৰ সংঘৰ্ষ, নিহত ৩। ডিমা হাছাও জিলাৰ হাফলঙত মঙ্গলবাৰে পুৱা সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন NSCN আৰু সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষী সুত্ৰে প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত ডিহামলাই অঞ্চলৰ এন কুবিং আৰু হাৰাকিলʼ মাজত অৱস্থিত দুৰ্গম পাহাৰীয়া অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সদস্যৰ সৈতে প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়। নিৰাপত্তা বাহিনীৰে হোৱা এই সংঘৰ্ষত তিনিজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হৈছে।
ইতিমধ্যে নিহত হোৱা উগ্ৰপন্থী কেইটাক হাফলং অসামৰিক চিকিৎসালয়লৈ অহা হৈছে। অৱশ্যে নিহত হোৱা উগ্ৰপন্থী কেইটাৰ প্ৰকৃত পৰিচয় বাতৰি লিখা পৰলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে নিৰাপত্তা বাহিনীয়ে এক গোপন তথ্য লাভ কৰি পুৱাৰে পৰা দুৰ্গম পাহাৰীয়া অঞ্চলটো ঘেৰাও কৰি সন্দেহযুক্ত উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছিল।
উক্ত অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত NSCN উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয়। নিৰাপত্তা বাহিনীয়ে উক্ত অভিযানৰ সময়ত উগ্ৰপন্থীৰ পৰা এটা AK47 ৰাইফল, এটা পিষ্টল, কিছু সক্ৰিয় গুলী আৰু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে আন সন্দেহযুক্ত উগ্ৰপন্থীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
প্ৰেৰক হেমন্ত কুমাৰ নাথ