নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰী থানাৰ এলেকাধীন মহামায়া চাৰি আলিত কালি ৰাতি বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এজন ড্ৰাক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিটা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্ত্তি সন্দেহজনক হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত বাতৰি মতে, কালি নিশা বগৰীবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যতীশ দাসৰ নেতৃত্বত আৰক্ষীৰ দলে দৈনন্দিন তালাচী চলাই থকাৰ দৰে এক গোপন সূত্ৰৰ ভিত্তিত মহামায়া চাৰিআলিত এজন যুবকক সন্দেহবশতঃ তালাচী চলোৱাৰ চাৰিটা কন্টেইনাৰত এই আপত্তিজনক নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰাৰ লগতে যুবকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা যুবকজনৰ হৈছে মপিয়ুল হক (২৪)। ড্ৰাগ সৰবৰাহৰ লগত জড়িত যুবকজনৰ ঘৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁৱ থানাৰ অন্তৰ্গত দামপুৰ দ্বিতীয়খন গাঁৱৰ নবিউৰ ৰহমানৰ পুত্ৰ বুলি আৰক্ষীৰ সৃত্ৰত জানিবলৈ দিয়ে। আৰক্ষীয়ে জব্দ কৰা সন্দেহজনক হেৰোইনখিনিৰ ওজন ৬৯০০ গ্ৰাম বুলি জানিবলৈ দিয়ে। বগৰীবাৰী থানাৰ আৰক্ষীয়ে এই সংক্ৰান্তত ধৃত যুবকজনক গ্ৰেপ্তাৰ কৰি সোধাপোচা অব্যাহত ৰাখিছে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী