নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পাৰঘাটত নাও এখনেৰে অহা বস্তাত থকা সামগ্ৰীক লৈ ৰহস্য

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ মেঘালয়ৰ পৰা নদীপথেদি ধুবুৰীলৈ অনা চুপাৰি গোপনে জিএচটি ফাঁকিৰে বহিৰাজ্যলৈ গোপনে হৈ আছে নেকি? আজি ধলপুৱা ধুবুৰীৰ এটা পাৰঘাটত সাংবাদিকৰ দল এটাৰ কেমেৰাত বন্দী হোৱা কেতবোৰ দৃশ্যই জন্ম দিছে এই প্ৰশ্নৰ। উল্লেখ্যে যে, আজি পুৱা প্ৰায় ৪ /৪–৩০ বজাত এটা বাতৰিৰ আঁত ধৰি স্থানীয় সাংবাদিকৰ দল এটাই উপস্থিত হৈছিল চহৰখনৰ গাতে লাগি থকা গদাধৰ নৈৰ ‘মেলাঘাট’ নামৰ পাৰঘাট এটাত। পাৰঘাটটোত নাওঁ এখনৰ পৰা আনুমানিক এশটা মান বস্তা ট্ৰেক্টৰ তিনিখনত বোজাই কৰি নতিদূৰত ৰখি থকা ট্ৰাক এখনত তুলি থকা দেখা পায় দলটোৱে। ঘটনাটোৱে সন্দেহৰ সৃষ্টি কৰাত সাংবাদিকৰ সেই দলটোৱে বস্তাবোৰত কি আছে সোধা প্ৰশ্নত সেয়া ক’বলৈ ইতস্ততঃ বোধ কৰা পায় উপস্থিত লোকসকলে। অৱশ্যে তাৰে এএচ/১৭বি/৫৪৩১ নম্বৰৰ ট্ৰেক্টৰ এখনৰ চালকগৰাকীয়ে প্ৰথমাৱস্থাত কেমেৰাৰ সন্মুখত নাওখনত চুপাৰী থকা বুলি কয় যদিও পিছ মূহূৰ্ততেই আকৌ নিজৰ ট্ৰেক্টৰত নাওখনৰ পৰা তুলা বস্তাবোৰত কি আছে সেয়া তেওঁ নাজানে বুলিও কোৱা পোৱা যায়। ইপিনে ট্ৰেক্টৰ চালকগৰাকীৰে চলি থকা কথাবতৰাৰ মাজতে ঘটনাস্থলীত চাৰিতকীয়া বাহন এখনেৰে আহি উপস্থিত হয় খাকী পোচাকত থকা কেইগৰাকী মান লোক। ট্ৰেক্টৰ তিনিখনৰে পাৰৰ পৰা অনা বস্তাবোৰ কাষতে থকা এএচ০১এনচি/১৬৫৮ নম্বৰৰ ট্ৰাক এখনত উঠোৱা সম্পন্ন হোৱাৰ ল’গে থকা খাকী পোচাকধাৰী সেই লোকগৰাকীৰ বাহনৰ ল’গত ট্ৰাকখনো সাংবাদিক দলটোৰ চকুৰ সন্মুখেদি যাত্ৰা কৰে অজান স্থানলৈ। সাংবাদিকৰ কেমেৰাত বন্দী হোৱা সমগ্ৰ ঘটনা তথা বস্তাত থকা সামগ্ৰীৰ গোপনীয়তাক লৈ পাৰঘাটটোত নাওখনৰে অহা বস্তাবোৰত দৰাচলতে কি আছিল সেয়া লৈ সৃষ্টি হৈছে ৰহস্যৰ। স্বাভাৱিক ভাৱেই দৰাচলতে নাওখনেৰে মেঘালয়ৰ পৰা চুপাৰী অনা হৈছিল নেকি বুলি প্ৰশ্ন জন্ম দিয়াৰ সমান্তৰালকৈ এইদৰে মেঘালয়ৰ পৰা নদীপখেদি অনা চুপাৰি জিএছটি ফাঁকিৰে বহিঃৰাজ্যলৈ চুপাৰি প্ৰেৰণ কৰা হৈ আছে নেকি বুলিও উত্থাপিত কৰিছে সন্দেহৰ। এনে প্ৰেক্ষাপটত, সমগ্ৰ বিষয়টোলৈ এক উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন থকা বুলিও মত পোষণ কৰা পোৱা গৈছে ভূ ৰখা একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like