নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত তীৰ-তাচপাতৰ জুৱাৰ ব্যাপক প্ৰচলন

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  কঠোৰ জুৱা বিৰোধী  স্থিতিৰ বিপৰীতে ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে  তীৰ নামৰ এবিধ জুৱাৰ ব্যাপক প্ৰচলন ঘটাৰ সমান্তৰালকৈ শেহতীয়াকৈ ধুবুৰী চহৰৰ কেইটামান তথাকথিত অভিজাত ক্লাবত তাচপাতৰ জুৱাৰ আড্ডা আৰম্ভ হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত বৰ্ষ, অৰ্থাৎ ২০২৩ বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ সেই অভিযানৰ পিছত ধুবুৰীত  প্ৰায় এমাহ–ডেৰমাহমান তীৰৰ জুৱা সম্পূৰ্ণৰূপে বন্ধ আছিল। কিন্ত সময় বাগৰাৰৰ ল’গে ল’গে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হোৱা তীৰ নামৰ  জুৱাবিধৰ বৰ্তমানে ব্যাপক ৰূপে প্ৰচলন ঘটা বুলিয়েই কিন্তু চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। ইপিনে, দুৰ্গাপূজা আহিলেই খোদ জিলাখনৰ সদৰ ধুবুৰীৰেই কেইটামান ক্লাৱত  তাচপাতৰ জুৱাৰ আড্ডা আৰম্ভ হোৱাটোও এক পৰম্পৰাত পৰিণত হৈ পৰা বুলিও দীৰ্ঘদিনীয়া এক বুবু-বাবা আছে। অৱশ্যে, মুখ্যমন্ত্রী ডঃ শৰ্মাৰ জুৱা বিৰোধী স্থিতিৰ পিছত ধুবুৰীত তাচপাতৰ জুৱা বন্ধ হ’ব বুলি আশাকৰা হৈছিল। কিন্তু, দুৰ্গা আৰু কালী পূজা অনুষ্ঠিত হৈ যোৱাৰো এমাহৰো অধিক কাল উকলিল যদিও বৰ্তমানলৈ ধুবুৰী চহৰৰ কেইটামান আগশাৰীৰ ক্লাবত এতিয়ালৈ গভীৰ নিশা লৈ তাচপাতৰ জুৱা চলি থকা বুলিয়েই প্ৰকাশ। ফলত স্বাভাবিক ভাবেই তীৰ আৰু তাচপাতৰ জুৱাক লৈ আৰক্ষীৰ নমনীয় স্থিতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে। সমান্তৰালকৈ ধুবুৰীৰ সচেতন ৰাইজে বিষয়টোলৈ জিলাখনৰ অভিভাবক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হস্তক্ষেপৰ কামনা কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like