নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ পাঁচ স্বাস্থ্য প্ৰতিষ্ঠানক ART ক্লিনিক-ART বেংক-ছাৰোগেচী ক্লিনিক স্থাপনৰ অনুমতি

প্ৰমাণপত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ মে ‘ : ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পাঁচখন স্বাস্থ্য প্ৰতিষ্ঠানক এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজী (এ আৰ টি) ক্লিনিক, এ আৰ টি বেংক আৰু ছাৰোগেচী ক্লিনিক স্থাপনৰ বাবে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে।

জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি যোগ্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহক এই প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে প্ৰণয়ন কৰা এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজী (ৰেগুলেচন) আইন, ২০২১ আৰু ছাৰোগেচী (ৰেগুলেচন) আইন, ২০২১ৰ বিধান অনুসৰি অসম চৰকাৰৰ দ্বাৰা গঠিত আৰু অধিসূচিত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা পৰিদৰ্শনৰ পিছত এই প্ৰতিষ্ঠানসমূহৰ যোগ্যতা নিৰূপণ কৰা হৈছিল।

প্ৰমাণপত্ৰপ্ৰাপ্ত এই পাঁচখন প্ৰতিষ্ঠান হ’ল— জিএমচিএইচ ফাৰ্টিলিটী এণ্ড আইভিএফ চেণ্টাৰ, গুৱাহাটীৰ এপ’ল’ ফাৰ্টিলিটী, গুৱাহাটীৰ ডাউন টাউন হাস্পতাল লিমিটেড, গুৱাহাটীৰ ইনষ্টিটিউট অৱ হিউমেন ৰিপ্ৰডাকচন আৰু কামৰূপৰ ৰঙিয়াৰ স্বস্তি হাস্পতাল। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে আজিৰ দিনটো অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু আৱেগিক মুহূৰ্ত, কাৰণ সন্তানহীন অসংখ্য দুৰ্ভগীয়া দম্পতীৰ পিতৃ-মাতৃত্বৰ সপোন এতিয়া এক স্বচ্ছ আৰু নিয়ন্ত্ৰিত ব্যৱস্থাৰ দ্বাৰা বাস্তৱায়িত হোৱা সম্ভৱ হৈ উঠিব।

এই পদেক্ষপক এক মাইলৰ খুঁটি বুলি অভিহিত কৰি তেওঁ কয় যে অসমত প্ৰজনন স্বাস্থ্য সেৱাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা কৰিছে আৰু ছাৰোগেচীৰ পথ বাছি লোৱা ইচ্ছুক দম্পতীৰ অধিকাৰ আৰু যাত্ৰাক স্বীকৃতি প্ৰদান কৰিছে। তেওঁ কয় যে স্বীকৃতি লাভ কৰা প্ৰতিষ্ঠানসমূহক নৈতিক, নিৰাপদ আৰু উচ্চমানৰ প্ৰজনন সেৱা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আৰু সশক্তিকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব।

তেওঁ আৰু কয় যে এয়া এক অবিৰত প্ৰক্ৰিয়া আৰু নিয়ম অনুসৰি আবেদন কৰা সকলো যোগ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় এআৰটি আৰু ছাৰোগেচী প’ৰ্টেলৰ কাৰ্যকৰী উদ্বোধন হৈছে, যাৰ জৰিয়তে প্ৰতিষ্ঠানসমূহে পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰে। আবেদন জমা আৰু মাচুল পৰিশোধৰ পিছত, নিয়ম মানি চলা নিশ্চিত কৰিবলৈ পৰিদৰ্শন কৰা হয় আৰু তাৰ পিছত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই বছৰৰ আৰম্ভণিতে, উপযুক্ত কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে এযোৰা দম্পতী আৰু এগৰাকী ছাৰোগেট মাতৃক প্ৰমাণপত্ৰ প্ৰদান কৰিছিল, যি অসমত নিয়ন্ত্ৰিত ছাৰোগেচী সেৱাৰ সূচনা কৰিছিল।

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিবদ্বয় পি অশোক বাবু আৰু বৰ্ণালী শৰ্মা, স্বাস্থ্যসেৱা সঞ্চালক উমেশ ফাংছ; যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক (মুখ্য কাৰ্যালয়) তথা ছাৰোগেচীৰ ন’ডেল অফিচাৰ ডাঃ হেৰম্ব ভট্টাচাৰ্য্য, কেইবাজনো জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

You might also like