নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাত চমক দিয়াৰ চেষ্টা ধুবুৰীৰ শিল্পী সঞ্জীব বসাকৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ প্ৰতিবছৰৰ দৰে এইবেলিৰ দুৰ্গা পূজাতো ধুবুৰীৰ স্থানীয় শিল্পী সঞ্জীব ঘোষৰ এক আকৰ্ষণীয় দুৰ্গা প্ৰতিমাই হৈ পৰিব পাৰে ৰাইজৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু। উল্লেখ্য যে, পেছাত চৰকাৰী কৰ্মচাৰী তথা ধুবুৰী চহৰৰ বালুৰচৰ অঞ্চলৰ বাসিন্দা বসাকে  বিগত কেইবা বছৰৰ পৰা দুৰ্গা পূজা আহিলেই অভিনৱ সামগ্ৰীৰে দুৰ্গা মূৰ্তি নিৰ্মাণ কৰি মোহিত কৰি আহিছে ৰাইজক৷ যোৱাবেলি ঔষধৰ দোকানৰ ম্যাদ উকলি যোৱা টেবলেট, কেপচুল, ইনজেকচন আদিৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা নিৰ্মাণেৰে আলোড়নৰ সৃষ্টি কৰা সঞ্জীব বসাকে এইবাৰ নিৰ্মাণ কৰি আছে এটি আকৰ্ষণীয় দুৰ্গা প্ৰতিমা৷ বিগত প্ৰায় তিনি মাহৰ পৰা শিল্পীগৰাকীয়ে ফেন, মটৰ আদি বিভিন্ন বৈদ্যুতিক যন্ত্ৰাংশ প্ৰায় ২৭ কিলোগ্ৰাম ওজনৰ তামৰ তাঁৰৰ কুণ্ডলী (coil)কে নিৰ্মাণ কৰি আছে মহিশাষুৰ, সিংহ সম্বলিত এটি পূৰ্ণ অবয়বৰ দুৰ্গা প্ৰতিমা। নিৰ্মাণৰ প্ৰায় অন্তিম পৰ্যায়ত থকা বুলি উল্লেখ কৰি এসপ্তাহৰ ভিতৰত প্ৰতিমাটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি জনাইছে শিল্পী গৰাকীয়ে। উল্লেখ যে, বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা পোৱা শিল্পী বসাতে ২০১৬ চনত থাৰ্মক’লেৰে নিৰ্মাণ কৰা ৪৮ ফুট উচ্চতাৰ এটি দুৰ্গা প্ৰতিমা প্ৰদৰ্শিত হৈছিল গুৱাহাটীৰ পাণবজাৰৰ পূজা মণ্ডপত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like