আজিৰে পৰা আৰম্ভ অৰুণোদয় আঁচনি
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ মহিলা সবলীকৰণকে ধৰি দৰিদ্র পৰিয়ালসমূহক আর্থিক সকাহ দিয়াৰ উদ্দেশ্যে বর্তমান ৰাজ্য চৰকাৰখনে গ্রহণ কৰা স্বৰাজোত্তৰ অসমৰ বৃহত্তম আঁচনি অৰুণোদয় কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷ কামৰূপ জিলাৰ আমিনগাঁৱৰ পেৰেড গ্রাউণ্ডত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি আনুষ্ঠানিকভাৱে এই আঁচনিখনৰ শুভাৰম্ভ কৰিব৷
সোমবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বি টি এ ডিৰ চাৰিখন জিলাক বাদ দি ৰাজ্যখনত ২৯খন জিলাত আজিৰ পৰা আঁচনিখনৰ শুভাৰম্ভ হ’ব৷ ডিবিটি ব্যৱস্থাৰে পোনপটীয়াকৈ আজিৰ পৰা অসমত ১৮.২০ লাখ পৰিয়ালে প্রতিমাহে ৮৩০ টকাকৈ বেংক একাউণ্টযোগে লাভ কৰিব৷ বিটিচি নির্বাচনৰ পৰিপ্রেক্ষিতত প্রযোজ্য হৈ থকা নির্বাচনী আচৰণ বিধিৰ বাবে বি টি এ ডিৰ চাৰিখন জিলাৰ হিতাধিকাৰীসকলে সদ্যহতে এই আঁচনিৰ ধন লাভ নকৰিব৷ বিটিচি নির্বাচনৰ পাছতেই আঁচনিখনৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যা ২২ লাখলৈ বৃদ্ধি পাব৷ আজিৰ পৰা ৬ ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত নৱেম্বৰ মাহৰ ধন লাভ কৰিব৷ ডিচেম্বৰ মাহৰ ধন হিতাধিকাৰীসকলে ২৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নিজ একাউণ্টত লাভ কৰিব৷ জানুৱাৰীৰ ধন ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত, ফেব্রুৱাৰীৰ ধন ২২ৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত আৰু মার্চৰ ধন ২৬ৰ পৰা ৩১ মার্চৰ ভিতৰত লাভ কৰিব৷ কাইলৈ কামৰূপ মেট্র’ আৰু কামৰূপ জিলাৰ হিতাধিকাৰীক একাউণ্টযোগে ধন দিয়াৰ ব্যৱস্থা আৰম্ভ হ’ব৷
অহা ২ ডিচেম্বৰত দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও আৰু নগাঁও জিলাৰ হিতাধিকাৰীৰ একাউণ্টত ধন আদায় দিয়া হ’ব৷ অহা ৩ ডিচেম্বৰত কার্বি আংলং, হোজাই, পশ্চিম কার্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ হিতাধিকাৰীক একাউণ্টযোগে ধন যোগান ধৰা হ’ব৷ অহা ৪ ডিচেম্বৰত তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ হিতাধিকাৰীক একাউণ্টযোগে ধন আদায় দিয়া হ’ব৷
উক্ত নির্দিষ্ট দিনৰ পৰা চাৰি দিনৰ ভিতৰত প্রতিখন জিলাৰ হিতাধিকাৰীসকলে নৱেম্বৰ মাহৰ ধন লাভ কৰিব৷ বি টি এ ডিৰ জিলাকেইখনক বাদ দি বর্তমান এই আঁচনি ৰূপায়ণৰ বাবে মাহে ১৮০ কোটি টকা ব্যয় হ’ব৷ বছৰি আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰৰ ২,৮০০ কোটি টকা ব্যয় হ’ব৷ যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আঢ়ৈ মাহৰ ভিতৰত বিশেষ কোনো হুলস্থূল নোহোৱাকৈ হিতাধিকাৰী বাছনি কৰাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে বিধৱা, অবিবাহিত মহিলা, দিব্যাংগ, বিশেষ কোনো পৰিস্থিতিত স্বামীৰ পৰা বিতাড়িত হৈ পিতৃগৃহলৈ উভতি অহা মহিলা থকা পৰিয়ালক প্রাধান্য দি এই আঁচনিখন গ্রহণ কৰা হৈছে৷
বিগত দিনত সেইসকল লোক পৰিয়ালৰ বাবে বোজাত পৰিণত হৈছিল যদিও আজিৰ পৰা তেওঁলোক সম্পদলৈ ৰূপান্তৰিত হ’ব৷ অৱশ্যে যিসকলে পৰিয়ালত চাৰিচকীয়া বাহন, ট্রেক্টৰ, টিভি, ফ্রীজ আদি আছে, সেইসকল পৰিয়াল এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ অযোগ্য৷ যদি তেনে ধৰণৰ কোনো ব্যক্তি এই আঁচনিত অন্তর্ভুক্ত হৈছে, তেতিয়াহ’লে তেওঁলোকক স্বেচ্ছাই নিজৰ নাম আঁচনিৰ পৰা কর্তন কৰিবলৈ তেওঁ আহ্বান জনায়৷ এই সম্পর্কত তেওঁ কয় যে কোনো চৰকাৰী চাকৰিয়াল বা পেন্সনাৰে এই আঁচনিৰ সুবিধা ল’লে পৰৱর্তী দিনত তেওঁলোকৰ দৰমহা, পেন্সনৰ পৰা এই ধন কর্তন কৰা হ’ব৷
তদুপৰি অযোগ্য হিতাধিকাৰীয়ে আঁচনিখনৰ পৰা যাতে সুবিধা ল’ব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে হিতাধিকাৰীৰ পৰিয়ালৰ ঘৰৰ সন্মুখত ‘অৰুণোদয় পৰিয়াল’ শীর্ষক ছাইন বোর্ড এখন অনাগত দিনত সংযোজন কৰিব৷ একেদৰে প্রতি বছৰে অৰুণোদয় মাহ অনুষ্ঠিত কৰি হিতাধিকাৰী পৰিয়াল যোগ্য হৈ আছে নে নাই, সেয়া পৰীক্ষা কৰি অযোগ্য হিতাধিকাৰীৰ নাম কর্তন কৰি সেই স্থানত যোগ্য পৰিয়ালক অন্তর্ভুক্ত কৰা হ’ব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, অহা বছৰ এই আঁচনিত আৰু ৮ লাখ পৰিয়াল অন্তর্ভুক্ত কৰিবৰ চেষ্টা কৰা হ’ব৷ তেতিয়া এই আঁচনিৰ পৰা বঞ্চিত কোনো পৰিয়াল নাথাকিব৷ অহাবাৰ বাজেটত আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে পুঁজিও বৃদ্ধি কৰাৰ চিন্তা–চর্চা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ হিতাধিকাৰী বাছনিৰ প্রসংগত তেওঁ কয় যে যিবোৰ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা ডেৰ লাখৰ পৰা দুই লাখ, সেইবোৰ সমষ্টিত ১৬ হাজাৰ হিতাধিকাৰীক এই সুবিধা প্রদান কৰা হৈছে৷ ২ লাখৰ পৰা আঢ়ৈ লাখ ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ হিতাধিকাৰী, আঢ়ৈ লাখৰ পৰা ৩ লাখ ভোটাৰ থকা সমষ্টিত ১৮ হাজাৰ হিতাধিকাৰী আৰু ৩ লাখৰ পৰা ৪ লাখ ভোটাৰ থকা সমষ্টিত ১৯ হাজাৰ হিতাধিকাৰী নির্বাচন কৰা হৈছে৷ ৰাজ্যখনৰ ৮০টা বিধানসভা সমষ্টিত ১৬ হাজাৰকৈ হিতাধিকাৰী নির্বাচিত কৰা হৈছে৷