🔹 কি তথ্য আছে চিবিআইৰ চার্জশ্বীটত ?
বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : নিশাটোৰ ভিতৰতে কোটিপতি কৰাৰ অলীক স্বপ্ণ দেখুৱাই প্রৱঞ্চনাৰে ৰাইজৰ পৰা কেইবাহাজাৰ কোটি টকা লুণ্ঠন কৰা চুমি বৰা আৰু বিশাল ফুকনৰ প্রৱঞ্চনাৰ কাহিনী এতিয়া সম্পূর্ণকৈ পোহৰলৈ আহিছে৷ শেহতীয়াকৈ কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআয়ে এই কেলেংকাৰি সন্দর্ভত চিবিআইৰ বিশেষ আদালতত দাখিল কৰা কেইবাপৃষ্ঠাজোৰা অভিযোগনামাখনৰ পাতে পাতে উন্মোচিত হৈছে চুমি–বিশালৰ প্রৱঞ্চনাৰ ভয়ংকৰ অধ্যায়সমূহ৷ চিবিআয়ে তদন্তৰ সময়ত লাভ কৰা তথ্য অনুসৰি, ভুৱা অনলাইন ট্রেডিঙৰ নামত ৰাইজৰ পৰা প্রৱঞ্চনাৰে ধন সংগ্রহ কৰা কার্যৰ মূল চাবিকাঠী আছিল চুমি নিজেই৷ বিশাল আছিল মাথোঁ চুমিৰ নির্দেশত চলা এটা কাঠৰ পুতলা৷ চিবিআয়ে এই বৃহৎ কেলেংকাৰিত অভিজিৎ চন্দ আৰু নীৰেন্দ্র বর্মন নামৰ দুজন লোকক অন্যতম অভিযুক্ত বুলি চিহ্ণিত কৰিছে৷ উল্লেখ্য যে চুমিৰ পাতি লোৱা ভাতৃ বিশালৰ অন্যতম সহযোগী আছিল এই দুজন লোক৷ বহুজাতিক কোম্পানীত কর্মৰত হোৱাৰ অভিজ্ঞতা থকা সূত্রে দুয়োজনৰে ট্রেডিং সন্দর্ভত কিছু কাৰিকৰী জ্ঞান আছিল৷ দুয়োজনে প্রথমতে বৈধভাৱেই ট্রেডিঙৰ ব্যৱসায় আৰম্ভ কৰিছিল৷ কিন্তু তেওঁলোকৰ সৈতে চুমি অহাৰ লগে লগে ক্রমাৎ সলনি হ’বলৈ ধৰে ব্যৱসায়ৰ ধাৰা৷ সহজ–সৰল লোকক কিদৰে আভুৱা–ভাঁৰি মোটা অংকৰ ধন সংগ্রহ কৰিব পাৰি, তাৰ সকলো কৌশল চুমিয়ে বিশাল–অভিজিৎ আৰু নীৰেন্দ্রক দিছিল৷ কিয়নো এগৰাকী কৰিঅ’গ্রাফাৰ তথা আবেদনময়ী অভিনেত্রী হোৱাৰ সুবাদত সামাজিক মাধ্যমত চুমিৰ আছিল বহু ফেন আৰু ফল’ৱার্ছ৷ সামাজিক মাধ্যমত বিভিন্ন সময়ত প্রায়েই চুমিয়ে নিজৰ বিলাসী জীৱন যাপনৰ ফটো, দৃশ্য আপলোড কৰিছিল৷ কোনোবাই যদি এই বিলাসী জীৱনৰ আঁৰৰ ৰহস্য কি বুলি তেওঁক প্রশ্ণ কৰে, তেন্তে চতুৰ চুমিয়ে লগে লগে বিভিন্ন ঠাইত বিনিয়োগ কৰি লাভ কৰা ধনৰ পৰা এই উন্নতি হোৱা বুলি প্রচাৰ চলাইছিল৷ অৱশ্যে সাধাৰণ যেন লাগিলেও চুমিৰ এই কৌশলে সময়ত সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছিল৷ বহু গ্রাহক চুমিৰ বিলাসী জীৱনৰ প্রতি আকৃষ্ট হৈছিল৷ এক অর্থত প্রৱঞ্চনাৰ জালখন মেলি দিয়াৰ বাবে প্রয়োজনীয় পটভূমি ইতিমধ্যে চুমিয়ে তৈয়াৰ কৰি লৈছিল৷ এনেদৰে চুমিয়ে ইজনৰ পিছত সিজনকৈ বহু অভিজাত লোকক নিজৰ জালত পেলাই ধন সংগ্রহ কৰি বিনিয়োগ কৰাইছিল৷ বিনিয়োগকাৰীসকলে যাতে সন্দেহ নকৰে, তাৰ প্রতি লক্ষ্য ৰাখি প্রথমাৱস্থাত কিছুসংখ্যক বিনিয়োগকাৰীক ৰিটার্নো আদায় দিছিল চুমি–বিশালে৷ দৰাচলতে এজনৰ পৰা বিনিয়োগৰ নামত ধন লৈ আনজনক লভ্যাংশৰ ধন বুলি সেইখিনি ধনেই প্রদান কৰিছিল চুমি বৰাই৷ গ্রাহকেও বিনিয়োগৰ পৰা লাভ হোৱা ধন বুলি হাঁহি হাঁহি গ্রহণ কৰিছিল আৰু তাৰ লগে লগে পূর্বৰ তুলনাত বিনিয়োগৰ পৰিমাণ বঢ়াই লৈছিল৷ উল্লেখ্য যে পার্ছেলিয়া কনচালটেঞ্চীৰ নামত সংঘটিত হৈছিল এই সকলো কেলেংকাৰি৷ বিশাল ফুকনে আৰম্ভ কৰা পার্ছেলিয়া নামৰ কোম্পানীটোত ধন বিনিয়োগ কৰিম বুলিয়ে বিনিয়োগকাৰীৰ পৰা ধন সংগ্রহ কৰা হৈছিল৷ অকল সেয়াই নহয়, বিনিয়োগ কৰা ধনৰ ৩০ শতাংশ নিশ্চিতভাৱে বিনিয়োগকাৰীক ওভতাই দিয়াৰ প্রতিশ্রুতিও দিছিল চুমি–বিশালে৷ এই ষড়যন্ত্র বুজিব নোৱাৰাকৈ গ্রাহকৰ সন্মুখত তেওঁলোকে প্রদর্শন কৰিছিল ষ্টাম্প পেপাৰ আৰু ভুৱা বিনিয়োগৰ বহু ৰিপ’ৰ্ট৷ চিবিআয়ে অভিযোগনামাত উল্লেখ কৰা মতে, চলিত বর্ষৰ আগষ্ট মাহত চুমি–বিশালৰ কোম্পানীত বিনিয়োগৰ ধন জমা হৈছিল প্রায় ৬৬,১৯,১৩,২০৫ টকা৷ বৃহৎ পৰিমাণৰ এই ধন জমা হোৱাৰ লগে লগে একপ্রকাৰ জীৱনযাত্রা সলনি হৈ পৰিছিল চুমি–বিশালৰ৷ মাহেকত বিলাসী বাহন ক্রয় কৰি ৰাইজৰ ধনেৰে এক আভিজাত জীৱন কটাইছিল চুমি–বিশালে৷ ৰাজস্থানৰ পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্টত বিশাল ফুকনে পাতিছিল পাতি লোৱা বায়েকৰ ডেষ্টিনেচন ৱেইডিং৷ উল্লেখ্য যে চুমি–বিশালৰ কোম্পানীত বহুসংখ্যক চিকিৎসক, অভিযন্তাৰ লগতে শীর্ষ আৰক্ষী বিষয়া কেইবাজনেও ধন বিনিয়োগ কৰিছিল৷ এই সকলোৰে পৰা মোটা অংকৰ ধন বিনিয়োগৰ নামত সংগ্রহ কৰিছিল চুমিয়ে৷ ব্যক্তিগতভাৱে সাক্ষাৎ কৰি সৌহার্দ্যপূর্ণ আলাপ–আলোচনাৰ অন্তত চুমি বৰাই উক্ত ধনাঢ্য লোকৰ পৰা ধন সংগ্রহ কৰিছিল৷ অসমত ধনী লোকক বলিৰ পঠা সজোৱাৰ পাছত বহিঃৰাজ্যৰ কোটিপতি বিনিয়োগকাৰীৰ ওপৰতো চকু পৰিছিল চুমি–বিশালৰ৷ ওড়িশা, ঝাৰখণ্ড, ছত্তিশগড়কে ধৰি বিভিন্ন ৰাজ্যত তেওঁলোকে নিয়োগ কৰিছিল একাংশ এজেণ্ট৷ ইয়াৰ ভিতৰত মানৱেন্দ্র সিং, মুন দত্ত, ৰিতেশ শ্রীভাষ আৰু অভিৰাম পাত্র নামৰ এজেণ্টকেইজন আছিল চুমি–বিশালৰ অন্যতম সহযোগী৷ উল্লেখ্য যে অসম তথা বহিঃৰাজ্য য’ৰে পৰাই নহওক, বিশাল ফুকনে মুঠ ৭টা বেংক একাউণ্টৰ জৰিয়তে সংগ্রহ কৰিছিল লুণ্ঠনৰ ধন৷ ইয়াৰে তিনিটা আছিল এক্সিছ বেংকৰ আৰু বাকী চাৰিটা এইচডিএফচি বেংকৰ একাউণ্ট আছিল৷ বিশালৰ প্রতিষ্ঠানত তার্কিক বৰাৰ ভাতৃ অম্লানজ্যোতি বৰা আছিল ছুপাৰভাইজৰ আৰু কোম্পানীটো পৰিচালনাৰ দায়িত্বত আছিল শোভনজ্যোতি কুর্মী আৰু চন্দন নাথ নামৰ দুজন লোক৷ মুঠতে বিশালৰ এই প্রৱঞ্চনাৰ অন্যতম মূল হোতা যে চুমি আছিল, সেয়া চিবিআইৰ অভিযোগনামাত এতিয়া স্পষ্ট হৈ পৰিছে৷