নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই শাখা ASCARD বেংকৰ নথি জব্দৰ লগতে কাৰ্যালয় ছীল আৰক্ষীৰ

নিয়মীয়া বার্তা, ২৭ জুন: হোজাইৰ নীলবাগানত অৱস্থিত অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য বিকাশ বেংক লিমিটেড চমুকৈ ASCARD বেংকৰ হোজাই শাখা কাৰ্যালয়ত আজি তলা ওলমাই ছীল কৰে হোজাইৰ আৰক্ষীয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ নথি পত্ৰ জব্দ কৰি বেংকৰ কাৰ্যালয়টো ছীল কৰে ৷ উল্লেখ্য যে, ASCARD বেংকৰ এই কাৰ্যালয়টো বিগত ১৫-২০ বছৰৰ পৰা বন্ধ হৈ আছিল৷ বেংকৰ কৰ্মচাৰীসকলেও ১৫-২০ বছৰৰ পৰা দৰমহাৰ নোপোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ উচ্চ ন্যায়ালয়ৰ wpc no 404/20 নং নিৰ্দেশ মতে আজি নীলবাগানস্থিত এচকাৰ্ড বেংকৰ সমস্ত নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰে । বিগত ১৯৯৫ চনৰে পৰা কৰ্মচাৰী সকলে মাহেকীয়া দৰমহা নোপোৱাত বিগত ২০২০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মচাৰী সকলে এখন লেখ আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ ভিত্তিত আজি বেংকৰ নথি পত্ৰ সমূহ কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ে সকলো এচকাৰ্ড বেংক ছীল কৰিবলৈ নিৰ্দেশ দিছিল৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like