নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ উদিয়ানাত মাছুৱৈৰ জালত মাছৰ পৰিৱৰ্তে উঠিল বন্দুক

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ এইবাৰ মাছুৱৈৰ জালত মাছৰ পৰিৱৰ্তে উঠিল বন্দুক। এই ঘটনা ৰঙিয়াৰ উদিয়ানাত। পথাৰত মাছ মাৰিবলৈ অহা মাছুৱৈ ৰেকিব আলীৰ জালত গধুৰ বস্তু লাগি ধৰে। জালখন পাৰলৈ আনি মাছৰ পৰিবৰ্তে এটি পুৰণি বন্দুক প্ৰত‍্যক্ষ কৰি মাছুৱৈজন হতভম্ব হৈ পৰে। কিছু পৰিমাণে ভগ্নাৱস্থাত থকা মামৰে ধৰা বন্দুকটো চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰে। লগে লগে ৰঙিয়া থানাত খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী বিষয়াই এইটো এক হস্ত নিৰ্মিত বন্দুক বুলি জানিবলৈ দিয়ে। বন্দুকটো ক’ৰপৰা কেনেকৈ এই স্থানত থোৱা হৈছিল সেই লৈ এক ৰহস্যৰ সৃষ্টি হৈছে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like