নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশুতোষ কুমাৰ গুৱাহাটী হাইক’ৰ্ট -ৰ নতুন মুখ্য ন্যায়াধীশ

🔹 আশুতোষ কুমাৰ গুৱাহাটী হাইক’ৰ্ট -ৰ নতুন মুখ্য ন্যায়াধীশ

🔹 তিনি ন্যায়াধীশক বদলি

বিশেষ বাৰ্তা, ১৫ জুলাই : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ন্যায়াধীশ আশুতোষ কুমাৰক৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামর্শৰ ভিত্তিত তেওঁক কেন্দ্রীয় আইন আৰু ন্যায় বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে৷  সম্প্রতি ন্যায়াধীশ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ৷

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশক বদলি কৰা হৈছে৷ ন্যায়াধীশ এল জমিৰক কলকাতা উচ্চ ন্যায়ালয়, ন্যায়াধীশ এম আৰ পাঠকক ওড়িশা উচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ সুমন শ্যামক ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছে৷

You might also like