নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিঃৰ গ্রন্থাগাৰৰ ৱেব পেজ হেক পাকিস্তানী হেকাৰৰ

🔹 পাকিস্তানৰ সমর্থনত জিলিকি উঠিছে বিভিন্ন বার্তা

বিশেষ বাৰ্তা, ১৫ জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰৰ ৱেব পেজ পাকিস্তানী হেকাৰে হেক কৰাৰ পাছতে কালি শিক্ষার্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পুৱাৰ ভাগত শিক্ষার্থীসকলে ৰিম’ট লগ-ইনৰ জৰিয়তে ৱেব পেজটো খুলিবলৈ চেষ্টা কৰাৰ লগে লগে কেতবোৰ পাকিস্তানৰ সমর্থনত বার্তাহে প্রত্যক্ষ কৰে৷ পাকিস্তান জিন্দাবাদ, কাশ্মীৰ পাকিস্তানৰ অংশ আদিৰ দৰে কেতবোৰ প’ষ্ট ৱেব পেজটোত জিলিকি উঠে৷ লগে লগে শিক্ষার্থীসকলে সংশ্লিষ্ট কর্তৃপক্ষক এই বিষয়ে অৱগত কৰে৷

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি তেওঁলোকে ৱেব পেজটো হেক হোৱাৰ বিষয়ে অৱগত হোৱাৰ পাছতে গ্রন্থাগাৰৰ ৱেব পেজ পৰিচালনা কৰা ইনফৰমেচন এণ্ড লাইব্রেৰী নেটৱর্ক চেণ্টাৰ, আহমেদাবাদৰ সৈতে যোগাযোগ কৰে৷ বিশ্ববিদ্যালয়ে চেণ্টাৰটোৰ জ্যেষ্ঠ বিজ্ঞানী মনোজ কেৰ সৈতে ফোনযোগেও বার্তালাপ কৰি সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে৷ অৱশ্যে লগে লগে চেণ্টাৰটোৱে বিশ্ববিদ্যালয়খনৰ গ্রন্থাগাৰত সৃষ্টি হোৱা এই সমস্যাৰ সমাধান কৰে৷

চেণ্টাৰৰ ফালৰ পৰা বিশ্ববিদ্যালয় কর্তৃপক্ষক অৱগত কৰে যে কেৱল গুৱাহাটী বিশ্ববিদ্যালয়েই নহয়, দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ত একেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে৷ সম্প্রতি গ্রন্থাগাৰৰ এই ব্যৱস্থাই সম্পূর্ণৰূপে হেকাৰমুক্ত হোৱাৰ লগতে কোনো সমস্যা নোহোৱাকৈ চলি আছে বুলি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই জানিবলৈ দিছে৷ দেওবাৰৰ নিশাৰ পৰাই শিক্ষার্থীসকলে কৃষ্ণকান্ত সন্দিকৈ গ্রন্থাগাৰৰ ৱেব পেজত এই সমস্যা দেখিবলৈ পাইছিল৷ হেকিঙৰ ফলত গ্রন্থাগাৰটোৰ ৰিম’ট লগ-ইন ছিষ্টেমৰ কোনোধৰণৰ ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে৷

 

You might also like