নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুপ্তঘাতকৰ আশীৰ্বাদপুষ্ট শুভলক্ষ্মীৰ অব্যাহত উদ্ভণ্ডালি

👉শিৱসাগৰ সদৰ থানাত মাৰাথান জেৰা শুভলক্ষ্মী দত্তক

👉নাজিৰাৰ কাৰ্যালয়-কোৱাৰ্টাৰত তীব্ৰ অভিযান

👉দণ্ডাধীশৰ উপস্থিতিত বেলনা মাৰি, বাল্টি, চকী, চেণ্ডেল জব্দ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অগপৰ আমোলত ৰাজ্যত সংঘটিত লোমহৰ্ষক গুপ্ত হত্যাকাণ্ডৰ কুখ্যাত চৰ্দাৰ তথা দুই শতাধিক নীৰিহৰ তেজেৰে হাত ৰাঙলী কৰা, অসহায় সাংবাদিকক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰা এটা কুখ্যাত হত্যাকাৰীৰ আশীৰ্বাদ শিৰত লৈ শিৱসাগৰ আৰু নাজিৰাত সুদীৰ্ঘ পাঁচটা বছৰে সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি অহা বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ থানাৰ লকআপতো উদ্ভণ্ডালিৰ অন্ত পৰা নাই ৷ আদিবাসী মহিলাক বৰ্বৰ অত্যাচাৰ চলাই লকআপৰ আলহী হোৱা কুখ্যাত নিলম্বিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই আজি দ্বিতীয় দিনাও তদন্তকাৰী আৰক্ষীক সহযোগ কৰাৰ পৰা সম্পূৰ্ণ বিৰত থকাৰ অভিযোগ আছে ৷ দুই শতাধিক নিৰীহ অসমীয়া যুৱকৰ তেজেৰে হাত ৰাঙলী কৰা এটা কুখ্যাত গুপ্তহত্যাকাৰীৰ সৈতে মিলি বিগত ডেৰ বছৰত নাজিৰাত চিন্দিকেটৰাজেৰে সন্ত্ৰাস চলাই অহা এই গৰাকী কুখ্যাত আৰক্ষী বিষয়াই নিত্য নতুন নাটকেৰে আৰক্ষীৰ তিনিদিনীয়া জিম্মাৰ ম্যাদ পাৰ কৰাৰ চেষ্টা চলাই আহিছে৷ এই বাতৰি প্ৰেৰণ কৰালৈকে ৪৮ ঘন্টা লকআপত অতিবাহিত কৰা শুভলক্ষ্মী দত্তই নিৰাপত্তাত নিয়োজিত কৰ্তব্যৰত আৰক্ষীক ব্যতিব্যস্ত কৰাৰ বাদে তদন্তকাৰী আৰক্ষীক কোনো প্ৰশ্নৰ সঠিক উত্তৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ইয়াৰ বিপৰীতে কিন্তু শিৱসাগৰ আৰক্ষীৰ এটা বৃহত দলে অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক লগত লৈ দত্তৰ নাজিৰাস্থিত মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয় আৰু কোৱাটাৰত তীব্ৰ অভিযান চলায়৷ শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ নিমাশ্ৰী দাউকা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্ব কেইবাগৰাকী উপ পৰিদৰ্শক সহিতে পাঁচখন গাড়ীৰ কনভয়ৰে যোৱা বিশাল আৰক্ষীৰ দলে চলাই এই অভিযান৷ নাজিৰা আদৰ্শ আৰক্ষী থানা, শিমলুগুৰি আৰক্ষী থানাৰ সহযোগত চলোৱা অভিযানৰ সময়ত মহিলা আৰক্ষীৰ বেষ্টনীত যোৱা শুভলক্ষ্মী দত্তই সেই সময়তো তদন্তকাৰী আৰক্ষী বিষয়াক বিপথে নিয়াৰ বাবে বিভিন্ন চেষ্টা চলাই ৷ নিৰীহ আদিবাসী মহিলাৰ শৰীৰত উতলা গৰম পানী ঢ়ালি, শৰীৰৰ গোপন অংগত বিহ জলকীয়াৰ ৰস সানি আদিম বন্য উল্লাহত উথলি উঠা এই গৰাকী নৃশংস অত্যাচাৰী- নিৰ্লাজ আৰক্ষী বিষয়াই আজিও লজ্জা নিৰ্বাৰণৰ বাবে মুখত দোপাট্টা আঁৰি লোৱা পৰিলক্ষিত হয় ৷ শিৱসাগৰ আৰক্ষীয়ে সাংবাদিক নিষিদ্ধ কৰা থানা চৌহদত শুভলক্ষ্মী দত্ত গাড়ীত উঠাৰ সময়ত আন এখন ছুমোৰে শুভলক্ষ্মীক কেমেৰাৰ পৰা সুৰক্ষা দিয়া অতি দৃষ্টিকটু দৃশ্যও পৰিলক্ষিত হয় ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি পোনে পোনে নাজিৰাত উপস্থিত হোৱা বিশাল আৰক্ষীৰ দলটোৱে প্ৰায় এঘন্টা ধৰি তন্ন তন্ন কৈ শুভলক্ষ্মীৰ কাৰ্য্যালয় আৰু কোৱাটাৰত অভিযান চলায়৷এ ই অভিযানকালত আৰক্ষীৰ দলটোৱে শুভলক্ষ্মীয়ে অনিমা প্ৰজাক বৰ্বৰ নিৰ্য্যাতন চলোৱাৰ সময়ত ব্যৱহাৰ কৰা তিনিটা বাল্টি, তিনিখন চকী, অনিমা প্ৰজাক নিৰ্মম আক্ৰমণ চলোৱা এডাল বেলনা মাৰি, শৰীৰত উতলা পানী ঢ়লা এটা প্লাষ্টিকৰ মাগ আৰু এটা বেগ দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি জব্দ কৰাৰ বাতৰি পোৱা গৈছে৷কিন্তু শুভলক্ষ্মীৰ বাথৰূমত কাৰেন্টত পানী গৰম কৰা সেই বিশেষ সামগ্ৰী বিধ কিয় জব্দ কৰা হোৱা নাই তাক লৈও বিশেষ চৰ্চা আৰম্ভ হৈছে ৷ ইয়াৰোপৰি এই অভিযানকালত শুভলক্ষ্মীৰ টৰ্চাৰ ৰূমৰ পৰা আৰু কিবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে যদিও এই মুহূত্বলৈকে সেইয়া জানিব পৰা হোৱা নাই ৷ কিয়নো শুভলক্ষ্মী কাণ্ডৰ পৰা বৰ্তমানলৈকে ডিজিপি জি পি সিঙৰ তিনিটা টুইটৰ বাদে শিৱসাগৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্যই সদৰি কৰা নাই সাংবাদিকৰ সৈতে৷ এই অভিযানৰ পিছত পুণৰ আৰক্ষীৰ দলটোৱে শুভলক্ষ্মীক লৈ আনে শিৱসাগৰ সদৰ আৰক্ষী থানাৰ লক আপলৈ ৷ইফালে ৰাজ্য কঁপাই যোৱা এই নৃশংস- বৰ্বৰ কাণ্ডৰ লগত প্ৰথমৰে পৰাই এই মুহূত্বলৈকে আঁৰত থাকি পৰিচালনা কৰি অহা গুপ্ত হত্যাৰ চৰ্দাৰক কিয় আৰক্ষীয়ে সোধা-পোচা কৰা নাই তাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷কিয়নো ভূক্ত ভোগী অনিমা প্ৰজাই বাৰম্বাৰ তদন্তকাৰী আৰক্ষী-মহিলা আয়োগ- সংবাদ মাধ্যমৰ কেমেৰাৰ আগত এই গৰাকী গুপ্ত ঘাটকৰ চৰ্দাৰৰ নাম উল্লেখ কৰি আহিছে৷ বিশেষকৈ শুভলক্ষ্মীয়ে গুৱাহাটীত পাঁচটা দিন এই গুপ্ত ঘাটকৰ চৰ্দাৰৰ ফ্লেটত আশ্ৰয় লোৱা, আৰক্ষীৰ সন্মুখতেই উক্ত ফ্লেটৰ পৰা পলায়ন কৰাৰ স্পষ্ট সাক্ষ্য প্ৰমাণ লাভ কৰাৰ পিছতো কিহৰ দৰদত এইগৰাকী হত্যাকাৰী তথা শুভলক্ষ্মীৰ আশ্ৰয় দাতাক আৰক্ষীয়ে এই পৰ্য্যন্ত সোধা পোচাৰ বাবে আটক নকৰাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে ৷যি সময়ত এনে জঘন্য অপৰাধ সংঘটিত কৰা ব্যক্তিক আশ্ৰয় প্ৰদাণ কৰা জনকো অপৰাধী হিচাবে গণ্য কৰি গ্ৰেপ্তাৰ কৰাৰ হাজাৰ উদাহৰণ আছে ৷ তাৰ পিছতো অপৰাধীক আশ্ৰয় দিয়া, অপৰাধীৰ সৈতে প্ৰায় সাত শতাধিক বাৰ ফোনত যোগা যোগ কৰা, ভূক্তভোগীয়ে নাম উল্লেখ কৰাৰ পিছতো গুপ্তহত্যাকাৰীৰ চৰ্দাৰক আৰক্ষীয়ে তদন্তৰ আওতাত সামৰি নোলোৱাৰ ঘটনাই খেনোক দেখি ৰান্ধে বাঢ়ে-খেনোক দেখি দুৱাৰ মাৰে নীতি অৱলম্বন কৰাৰ অভিযোগ তুলিছে আৰক্ষীৰ বিৰুদ্ধে ৷আনহাতে আৰক্ষীৰ নাড়ী নক্ষত্ৰ ভালদৰে বুজি পোৱা শুভলক্ষ্মী দত্তৰ দৰে কূখ্যাত আৰক্ষী বিষয়াই নিজৰ স্বগোষ্ঠীয় বিষয়াৰ সন্মুখত কি দৰে কৌশলী জাল তৈয়াৰ কৰিব পাৰে সেই ক্ষেত্ৰত অতি পাৰ্গত৷ যাৰ বাবে এখোজ আগুৱাই দুখোজ পিছোৱাই যোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে ৷কিয়নো এনে স্পৰ্শকাতৰ তথা জটিল বিষয়ৰ ক্ষেত্ৰ ভিত্তিক আৰু বিজ্ঞান ভিত্তিক অনুসন্ধানৰ বাবে তিনিটা দিন কেতিয়াও পৰ্য্যাপ্ত নহয় ৷যিহেতু অনিমা প্ৰজাৰ নিৰ্মম নিৰ্য্যাতনৰ ঘটনাৰ চাক্ষুস সাক্ষী এগৰাকী গৃহৰক্ষী জোৱান, এগৰাকী হাউচ গাৰ্ডক কিয় তদন্তৰ বাবে সোধা পোচা কৰা নাই সেইয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷ ৷তেনেস্থলত মাত্ৰ তিনিদিনৰ আৰক্ষীৰ জিম্মাত কিমান স্বচ্চতাৰে শুভলক্ষ্মীৰ দৰে কূখ্যাত আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে আদালতক পতিয়ন নিয়াব পৰাকৈ তথ্য প্ৰমাণ সংগ্ৰহ কৰিব পাৰিব সেইয়াও এক বিচাৰ্য্যৰ বিষয় হৈ পৰিছে ৷ ইফালে আজিও আদিবাসী ছাত্ৰ সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ সদৰ থানাত উপস্থিত হৈ শুভলক্ষ্মীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ জেলৰ পৰিৱৰ্তে চিকিৎসালয় আৰু তদন্তকাৰী আৰক্ষীয়ে শক্তিশালী কেচ ডায়েৰী যুগুত নকৰিলে পুণৰ আন্দোলনৰ কাৰ্য্যসুচী লবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like