নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এএছপি শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ

🔹 বনকৰা মহিলাক ভয়ংকৰ নিৰ্যাতন

🔹 দত্তৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত

🔹 টুইটযোগে প্ৰকাশ DGP জি পি সিঙৰ

বিশেষ বাৰ্তা, ৩০ আগষ্ট : নাজিৰাৰ এগৰাকী বনকৰা মহিলাক ভয়ংকৰ নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এ এছ পি শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। এই কথা টুইটযোগে প্ৰকাশ কৰিলে ডিজিপি জি পি সিঙে। নিৰপেক্ষ তদন্তৰ খাতিৰত শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্লজ কৰা বুলি জি পি সিঙে জনায়। ডিজিপি জি পি সিঙে টুইটত কয়- শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ’ব। তদন্তত দোষী প্ৰমাণিত হ’লে পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব । উল্লেখ্য যে মহিলা আয়োগৰ পত্ৰৰ পাছতেই টুইট কৰি এই কথা জনায় ডিজিপিগৰাকীয়ে। বনকৰা মহিলাক নিৰ্যাতন চলোৱা ঘটনাক ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদ সাব্য়স্ত কৰিছে বিভিন্ন দল-সংগঠনে।

You might also like