নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বন্ধ হ’ব ডিজেলচালিত চিটী বাছ

বিশেষ বাৰ্তা, ৩০ আগষ্ট : গুৱাহাটীত বন্ধ হ’ব ডিজেলচালিত চিটী বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে এই পদক্ষেপ গ্ৰহণ কৰিছে। ডিজেলচালিত চিটী বাছৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীত চলিব ইলেক্ট্ৰিক বাছ। পৰিবহণ নিগমে জানুৱাৰী মাহৰ ভিতৰত ক্ৰয় কৰিব ২০০খন ইলেক্ট্ৰিক বাছ। উল্লেখ্য যে সৰ্বমুঠ ৪০০খন ইলেক্ট্ৰিক বাছেৰে গুৱাহাটীবাসীক সেৱা আগবঢ়াবলৈ আগবাঢ়িছে পৰিবহণ নিগম। ইয়াৰ ফলত প্ৰদূষণ নিয়ন্ত্ৰণত যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে।

You might also like