নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ আৰু এজন সাংসদৰ মোদী কেবিনেটত স্থান লাভৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ যিকোনো মুহূর্তত কেন্দ্রীয় মন্ত্রীসভা সম্প্রসাৰণ কৰিব পাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মন্ত্রীসভা সম্প্রসাৰণৰ লগতে মন্ত্রীসকলৰ দপ্তৰ সালসলনি কৰাটোও এতিয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ অতি তাৎপর্যপূর্ণ কথাটো হৈছে প্রধামন্ত্রী মোদীৰ মন্ত্রীসভাত নতুনকৈ অসমৰ পৰা এজন সাংসদে স্থান লাভ কৰিব৷ অসমৰ লগতে অহা বছৰ মার্চ–এপ্রিলত বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ পৰাও মোদীৰ মন্ত্রীসভাত এজনকৈ স্থান লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ অর্থাৎ এই তিনিখন ৰাজ্যত আসন্ন সালসলনিত গুৰুত্ব লাভ কৰিব৷ মন্ত্রীসভাৰ সম্প্রসাৰণৰ সৈতে জডিত বিজেপিৰ এজন শীর্ষ নেতাৰ কার্যালয় সূত্রত এই কথা জানিব পৰা গৈছে৷

সূত্রটোৱে প্রকাশ কৰা মতে, সংসদৰ শীতকালীন অধিৱেশন বাতিল হোৱাৰ পাছত অহা ১ ফেব্রুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাটো নিশ্চিত৷ আৰু বাজেট অধিৱেশনৰ অন্তত এমাহ পূর্বে মন্ত্রীসকলৰ দপ্তৰ নির্দিষ্ট কৰি দিবই লাগিব৷ সেই হিচাপত ডিচেম্বৰ মাহৰ ভিতৰত মন্ত্রীসভাৰ সালসলিন হোৱাটো জৰুৰী৷ পিছে ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ‘মলমাহ’৷ সাধাৰণতে এই সময়ছোৱাত নতুন কোনো কাম–কাজ হাতত লোৱা নাযায়৷ প্রধানমন্ত্রী মোদী এইবোৰত বিশ্বাসী বুলি সূত্রটোৱে প্রকাশ কৰি কয় যে হয়তো বাজেট অধিৱেশনৰ পূর্বে মন্ত্রীসভাৰ সম্প্রসাৰণ তথা সালসলনি কৰিবলৈ হ’লে প্রধানমন্ত্রী মোদীয়ে ১৩ ডিচেম্বৰৰ ভিতৰত এই কার্য সম্পন্ন কৰিব৷

উল্লেখ্য যে ২০১৯ চনৰ ৩০ মে’ত প্রধানমন্ত্রী মোদীয়ে ৫৭জন মন্ত্রীৰ সৈতে শপতগ্রহণ কৰিছিল৷ কথা আছিল মোদীয়ে এবছৰৰ ভিতৰত মন্ত্রীসভাৰ সম্প্রসাৰণ কৰিব৷ পিছে ক’ৰোনা মহামাৰীৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ ইয়াৰ মাজতেই মোদী মন্ত্রীসভাত থকা দুগৰাকী কেবিনেট মন্ত্রী ক্রমে বিহাৰৰ এল জে পিৰ ৰামবিলাশ পাছোৱান আৰু কর্ণাটকৰ বিজেপি নেতা সুৰেশ অংগাদিৰ দেহাৱসান টিছে৷ এন ডি এ জোঁটৰ পৰা শিৱসেনা আৰু শিৰোমণি আকালী দল বিদায় লোৱাৰ বাবে দুয়ো দলৰ এগৰাকীকৈ মন্ত্রীয়ে পদত্যাগ কৰিছে৷ সেয়েহে একাধিক মন্ত্রীয়ে তিনিটাকৈ বা চাৰিটাকৈ কেন্দ্রীয় মন্ত্রালয় এতিয়া চম্ভালি আছে৷ এনেকৈ একাধিক গুৰুদায়িত্ব বেছিদিন চম্ভালাটো যে সম্ভৱ নহয়, সেয়া প্রধানমন্ত্রী মোদীয়েও উপলব্ধি কৰিব পাৰিছে৷ সেয়েহে ১৩ ডিচেম্বৰৰ ভিতৰত যিকোনো মুহূর্তত প্রধানমন্ত্রী মোদীয়ে মন্ত্রীসভাৰ সম্প্রসাৰণৰ লগতে সালসলনি কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

লক্ষণীয়ভাৱে মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলিত বছৰত কেইবাবাৰো কুচকাৱাজ চলিছিল৷ পিছে বিহাৰ নির্বাচনৰ ফলাফল চাইহে প্রধানমন্ত্রী মোদীয়ে মন্ত্রীসভাৰ সম্প্রসাৰণ কৰিব বিচাৰিছিল৷ আনকি নতুনকৈ নিযুক্তি দিবলগীয়া একাধিক মন্ত্রীৰ নামো ইতিমধ্যে তালিকাভুক্ত হৈ আছে বুলি সূত্রটোত প্রকাশ৷ এইক্ষেত্রত চর্চালৈ আহিছে কেইবাজনো সাংসদৰ নাম৷ যেনে– কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মধ্য প্রদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফড়নাবিছ, কেৰালাৰ বিজেপি সভাপতি পদৰ পৰা অলপতে অব্যাহতি দিয়া পি কে কৃষ্ণদাস, মীনাক্ষি লেখী, শ্বাহনাৱাজ হুছেইন, জি ভি এল নৰছিমা ৰাও আদি৷ বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী সুশীল মোদীৰ নামো চর্চালৈ আহিছে৷ তদুপৰি বিহাৰৰ জনতা দল (ইউনাইটেড)ৰ পৰা দুজন, এল জে পিৰ এজন আৰু উত্তৰ প্রদেশৰ আপনা দলৰ পৰাও এজনকৈ মন্ত্রিত্ব প্রদান কৰাৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে উল্লেখ কৰে৷

সূত্রটোৱে প্রকাশ কৰা মতে, আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে কেবিনেটৰ কমেও এটা গুৰুত্বপূর্ণ দপ্তৰৰ দায়িত্ব এগৰাকী অৰাজনৈতিক ব্যক্তিক প্রদান কৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে মন স্থিৰ কৰিছে৷ কেন্দ্রীয় গৃহ বিভাগ, প্রতিৰক্ষা, বিত্ত বিভাগ বা ৰে’লৰ ভিতৰত যিকোনো এটা মন্ত্রালয় হ’ব পাৰে, য’ত অৰাজনৈতিক এগৰাকী ব্যক্তিক মন্ত্রিত্ব প্রদান কৰা হ’ব৷ আনহাতে, অসমৰ পৰা নতুনকৈ কাক মন্ত্রিত্ব প্রদান কৰা হ’ব, সেয়াও এতিয়া চূডান্ত হোৱা নাই বুলিহে সূত্রটোৱে স্পষ্ট কৰি দিয়ে৷

আনহাতে, পশ্চিমবংগৰ পৰা লকেট চেটার্জী, এছ এছ আহলুৱালিয়া আৰু ৰূপা গাংগুলীৰ ভিতৰত এজনক মন্ত্রিত্ব প্রদান কৰাটে নিশ্চিত৷ এইক্ষেত্রত লকেট চেটার্জীৰ সম্ভাৱনা উজ্জ্বল বুলি সূত্রটোৱে ইংগিত দিছে৷ সূত্রটোৱে প্রকাশ কৰা মতে, অসম, পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ উপৰি ২০২২ চনত বিধানসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশ, পঞ্জাব আৰু উত্তৰাখণ্ডৰ পৰাও কমেও এজনকৈ মন্ত্রিত্ব প্রদান কৰা হ’ব পাৰে৷

You might also like