নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত নির্দলীয়ই ২–৩ মিনিট কোৱাৰ সুযোগ পাব

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ নির্দলীয় বিধায়ক অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিধানসভাৰ মজিয়াত নির্দলীয়ই ২–৩ মিনিট সময়হে কথা কোৱাৰ সুযোগ পাব বুলি মন্তব্য কৰে৷

শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধানসভাত নির্দলীয়ই ২–৩ মিনিট সময় কথা কোৱাৰ সুযোগ পাব৷ বাজেট বিতর্ককে ধৰি বিভিন্ন সময়ত সেই নির্ধাৰিত সময়ৰ ভিতৰত কথা ক’ব পাৰিব৷ সদনত কংগ্রেছে এঘণ্টা, বিজেপিয়ে দুঘণ্টা, নির্দলীয়ই ২–৩ মিনিট কথা কোৱাৰ সময় পাব৷ চৰকাৰে সেই গণতান্ত্রিক অধিকাৰত বাধা নিদিয়ে৷ কিন্তু ডেম’ক্রেচীৰ নামত অট’ক্রেচী হ’ব নোৱাৰে৷ ময়ে ক’ম মোকেই শুনিব হ’ব নোৱাৰে৷ ডেম’ক্রেচীক হাইজেক কৰিবলৈ বিজেপিয়ে এৰি নিদিয়ে৷

শ্যামাপ্রসাদ মুখার্জীক লৈ অখিল গগৈয়ে কৰা বিতর্কৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নৱকান্ত বৰুৱা, বিৰিঞ্চি বৰুৱা, পুষ্পলতা দাস আদিৰ লেখাতে শ্যামাপ্রসাদ মুখার্জীয়ে অসমীয়া ভাষাৰ বাবে কি কৰিছিল, সেয়া লিখি থৈ গৈছে৷ এনে অৱস্থাত মাওচেটুং, লেনিনে অসমীয়া ভাষাৰ বাবে কি কৰিছিল তাক লৈ প্রথমতে বিতর্ক কৰি লওক৷ ইপিনে বিধায়কৰ ক্ষমতা আৰু অভিভাৱক মন্ত্রীৰ প্রসংগক লৈ হোৱা বিতর্ক সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংবিধানত যি লিখা আছে, তেওঁ সেই বিষয়ে কৈছে৷ মন্ত্রী পৰিষদ বিধানসভাৰ ওচৰত দায়বদ্ধ৷ বিধায়কসকল বিধানসভাৰ মালিক৷ মালিক কাম কৰা ল’ৰা নহয়৷ যিসকলে সেই বিষয়ক লৈ বিতর্ক কৰিছে, তেওঁলোকক সংবিধানখন অধ্যয়ন কৰাৰ আহ্বান জনায়৷

অভিভাৱক মন্ত্রীৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহাৰাষ্ট্রত কংগ্রেছৰ চৰকাৰ চলি আছে৷ তাতো ইনচার্জ মিনিষ্টাৰ আছে৷ অসম চৰকাৰৰ ইনচার্জৰ নাম সলনি কৰি অভিভাৱক মন্ত্রী কৰিছে৷ তদুপৰি প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ দিনতেই অসমত ইনচার্জ মিনিষ্টাৰ ব্যৱস্থাৰ প্রৱর্তন কৰিছিল৷

You might also like