নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা ১২ দিনীয়া অসম গ্রন্থমেলা; ১৫০ প্রকাশন গোষ্ঠীৰ বিপণী সাজু

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ: ১২ দিনীয়া বিস্তৃত কার্যসূচীৰে আজিৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্রন্থমেলা৷ ইতিমধ্যে অসম গ্রন্থমেলা, গুৱাহাটীৰ প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷  এখন সংবাদ মেল সম্বোধন কৰি অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয় যে ধেমাজি, নলবাৰী আৰু যোৰহাটত অসম গ্রন্থমেলাৰ সফল সামৰণিৰ পাছত গুৱাহাটীত এই গ্রন্থমেলাৰ আয়োজন কৰা হৈছে৷ গ্রন্থমেলাত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্রকাশন গোষ্ঠীয়ে যোগদান কৰিব৷ ইয়াৰ ভিতৰত আছে দিল্লী–হাৰিয়ানাৰ ১০টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ১টা, ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্রকাশন গোষ্ঠী৷ সচিব কলিতাই অসম গ্রন্থমেলা, গুৱাহাটীলৈ সর্বস্তৰৰ ৰাইজৰ সহযোগিতা কমনা কৰি কয়– ‘আজি বিয়লি ৪ বজাত গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ গ্রন্থমেলা উদ্বোধন কৰিব আন্তর্জাতিক খ্যাতিসম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য–কাব্য শিল্পী তাৰা নোইচন্তাৰাই৷ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট লেখক, সাহিত্য–সমালোচক ড০ গোবিন্দ প্রসাদ শর্মা৷’

You might also like