নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড: জানুৱাৰীৰ প্রথম সপ্তাহত মুখ্যমন্ত্রীয়ে পৰিস্থিতি পর্যালোচনা কৰি দিব নতুন এছঅ’পি

  •  ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ
  • হাস্পতালে হাস্পতালে সাজু আইচিইউ–ক্সিজেনযুক্ত বিছনা–আইচ’লেটেড ৱার্ড

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ: ক’ভিডৰ নতুন ভেৰিয়েণ্ট বিএফ.৭ক লৈ সমগ্র বিশ্বৰ লগতে ভাৰতেও ইতিমধ্যে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট এতিয়ালৈ অসম আহি পোৱা নাই যদিও অসম চৰকাৰৰ স্বাস্থ্য বিভাগ পূর্বৰ দৰে এইবাৰো ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগতীয়াকৈ হৈছে৷ অহা জানুৱাৰী মাহৰ প্রথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰিস্থিতি পর্যালোচনা কৰি নতুন এছ অ’ পি জাৰি কৰাৰো ইংগিত দিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ক’ভিড যুঁজৰ বাবে চিকিৎসালয়সমূহ সাজু কৰিছে৷ কালি মেডিকেল কলেজ, জিলা চিকিৎসালয় আৰু পূর্বতে যিসমূহ চিকিৎসালয় ক’ভিড কেন্দ্র আছিল, সেইসমূহ পুনৰ কেনেদৰে সাজু কৰি তুলিব সেই সম্পর্কত মকড্রিলপর্যন্ত সম্পন্ন কৰে৷ চিকিৎসালয়সমূহত অক্সিজেন মজুত ৰখা, আই চি ইউৰ অৱস্থা আৰু পূর্বতে ক’ভিড চিকিৎসাত জড়িত চিকিৎসকসকল সেই স্থানত আছে নে নাই, সেই সম্পর্কে পর্যালোচনা কৰে৷

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলো প্রস্তুতি সম্পূর্ণ কৰাৰ কথা উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে প্রত্যেক হাস্পতালতে আই চি ইউৰ ব্যৱস্থা, অক্সিজেনযুক্ত বিছনাৰ ব্যৱস্থা, আইচ’লেটেড ৱার্ড, সাধাৰণ বিছনা আদি সাজু কৰি ৰখা হৈছে৷ গুৱাহাটীত ১০০খন আই চি ইউ বিছনাও সাজু কৰি ৰখা হৈছে৷ স্বাস্থ্যমন্ত্রী মহন্তই কয় যে অসমত এতিয়ালৈ ক’ভিডৰ নতুন ভেৰিয়েণ্ট বিএফ.৭ত আক্রান্ত হোৱা কোনো ৰোগী ওলোৱা নাই৷ এতিয়াৰে পৰা অসমত কাৰোবাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিলে তেওঁ পূর্বৰ অ’মিক্রনত আক্রান্ত নে বিএফ.৭ত আক্রান্ত হৈছে সেয়া পৰীক্ষা কৰি নিশ্চিত কৰা হ’ব৷ তদুপৰি আন্তঃৰাষ্ট্রীয় বিমানযোগে ক’ভিড সংক্রমিত ৰাষ্ট্র ভ্রমণ কৰি অহা লোকৰ ক্ষেত্রত নমুনা পৰীক্ষাৰো ব্যৱস্থা কৰা হৈছে৷ স্বাস্থ্যমন্ত্রী মহন্তই কয় যে জানুৱাৰী মাহৰ প্রথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র পৰিস্থিতিৰ পর্যালোচনা কৰিব আৰু ক’ৰবাত যদি ব্যৱস্থা গ্রহণত কিবা ত্রুটি ৰৈ গৈছে সেয়া পূৰণৰ ব্যৱস্থা কৰিব৷ সেই পর্যালোচনাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই যদি প্রয়োজন হয় নতুন এছ অ’ পি প্রকাশ কৰিব বুলি উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে বর্তমান পূর্বৰ এছ অ’ পিয়ে বাহাল আছে৷ তেওঁ আৰু কয় যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহয় যদিও সাম্প্রতিক পৰিস্থিতিলৈ চাই সেয়া প্রয়োজনীয়৷ সেয়ে ৰাইজক তেওঁ সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়৷

You might also like