নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত সৃষ্টিৰ সাফল্যঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অসম সন্তান

বিশেষ বার্তা, ২৩ এপ্রিলঃ ক’ৰোনা অতিমাৰীৰ সময়ত লকডাউনৰ কালছোৱাত নিজৰ ম’বাহল ফোনত ১ লাখ ২০ হাজাৰ শব্দ লিপিবদ্ধ কৰি পাছত মুদ্রিত কৰা তিনিখন গ্রন্থৰ বাবে ‘হণ্ডিয়া বুক অৱ ৰেকর্ডছ’ৰ (আই বি আৰ) স্বীকৃতি লাভ কৰিছে অসম সন্তান সুমিন্দ্র চৌধুৰীয়ে৷ মাত্র এবছৰৰ ভিতৰত ২০২১ চনত চৌধুৰীৰ সৃষ্টিশীল কামৰ বাবে আহ বি আৰৰ মুখ্য সম্পাদক বিশ্বৰূপ ৰয় চৌধুৰীয়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমলৈ পত্রযোগে এই কথা ঘোষণা কৰিছে৷ নিজৰ এই বিৰল স্বীকৃতিৰ কথা সদৰী কৰি সুমিন্দ্র চৌধুৰীয়ে আজি সাংবাদিকৰ আগত কয়– মিজোৰাম আৰু অৰুণাচলৰ পটভূমিত মই অসমীয়াত ‘বিহংগম দৃষ্টিত মিজোৰাম’ নামৰ উপন্যাসখন হোৱাটছএপৰ যোগেদি ৰচনা কৰিছিলোঁ৷ পাছত সেইখন গ্রন্থৰ ইংৰাজী অনুবাদ’Nghah-Loh-Dawr’ আৰু ‘এজন সাহিত্য অভিযন্তাৰ আত্মকথা’ নামৰ গল্প আৰু প্রবন্ধৰ সংকলনখনো হোৱাটছএপত লিখিছিলোঁ৷ আৰু এহ তিনিখন গ্রন্থই পাঠকে আদৰি লোৱা বাবে মই চিৰকৃতজ্ঞ হৈ থাকিম৷ উল্লেখ্য যে ‘বিহংগম দৃষ্টিত মিজোৰাম’ গ্রন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ গৱেষণাৰ গ্রন্থ হিচাপে মনোনীত কৰিছে৷ চৌধুৰীৰ মতে, মাত্র আঠ মাহৰ ভিতৰত লিখি যুগুতাহ উলিওৱা এই দুখন উপন্যাসৰ লগতে ৪০টা ভিন্নধর্মী গল্প আৰু ৩০টা বিভিন্ন বিষয়ৰ মনোগ্রাহী প্রবন্ধৰে সমৃদ্ধ সংকলনখনৰ বাবে লাভ কৰা এই স্বীকৃতি দৰাচলতে মোৰ জীৱনৰ এক অনন্য অভিজ্ঞতাস্বৰূপ৷ নিজৰ এহ সাফল্যৰ আঁৰত চৌধুৰীয়ে গুৱাহাটীৰ ভাষা প্রকাশনৰ স্বত্বাধিকাৰ মুকুট শর্মাৰ অৰিহণাৰ কথাও সাংবাদিকৰ আগত বিশেষভাৱে সদৰী কৰে৷

You might also like