১০০ প্রভাৱশালী ভাৰতীয়ৰ তালিকাত ৩২সংখ্যক স্থানত ড০ হিমন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ২০২২ বর্ষৰ দেশৰ সবাতোকৈ প্রভাৱশালী ব্যক্তিৰ ১০০জনীয়া তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইণ্ডিয়ান এক্সপ্রেছে প্রকাশ কৰা প্রভাৱশালী ব্যক্তিৰ ১০০জনীয়া তালিকাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৩২সংখ্যক স্থান লাভ কৰিছে৷ বিগত ২০২১ বর্ষত অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই ৬০সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ২০২২ বর্ষত ২৮টা স্থান আগুৱাই ৩২সংখ্যক স্থান লাভ কৰিছে৷ এই তালিকাত একেৰাহে অষ্টমবাৰৰ বাবে দেশৰ প্রভাৱশালী ব্যক্তিৰ শীর্ষস্থানত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ শীর্ষ ১০ স্থানত মোদীৰ পাছত স্থান লাভ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, উদ্যোগপতি ৰিলায়েঞ্চৰ স্বত্বাধিকাৰী মুকেশ আম্বানি, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, উদ্যোগপতি আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানি, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ ২০২১ বর্ষতকৈ ২৮টা স্থান আগুৱাই ৩২সংখ্যক স্থান লাভ কৰা অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই উত্তৰ–পূবৰ বিজেপিৰ মুখ্যমন্ত্রীসকলৰ ভিতৰত সবাতোকৈ প্রভাৱশালী৷
ৰাজনৈতিক ক্ষেত্রখনত চাণক্য হিচাপে পৰিচিত ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রশাসনৰ ধাৰণাক বিশ্বাসেৰে চলাইছে আৰু চৰকাৰ চলোৱাত দক্ষতা প্রকাশ কৰিছে৷ উত্তৰ–পূবৰ অতি দক্ষ তথা বিজেপিৰ সংকটমোচক হিচাপে ড০ শর্মাই ‘কা’ৰ পাছত অসমত সৃষ্ট পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে মণিপুৰৰ ৰাজনৈতিক সংকটো সমাধান কৰিছিল৷ অসম আৰু মিজোৰামৰ আৰক্ষীৰ মাজত সীমান্তত চলা ৰক্তাক্ত আৰু হিংসাত্মক সংঘর্ষক ড০ শর্মাই দক্ষতাৰে নিয়ন্ত্রণ কৰিছিল৷ সম্প্রতি অসম–মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদ সমাধানৰ চেষ্টা চলাই আছে৷ পৰৱর্তী বর্ষৰ প্রাৰম্ভতে অনুষ্ঠিত হ’বলগীয়া ত্রিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নির্বাচনত ড০ শর্মা অতি গুৰুত্বপূর্ণ হিচাপে চর্চিত হৈ আছে৷ দলৰ শীর্ষ নেতাই বিচৰাৰ দৰে ড০ শর্মাই নির্বাচনী প্রক্রিয়া আগবঢ়াই নিব পাৰে৷ প্রতিদিনে ড০ শর্মাই প্রায় এহাজাৰ হোৱাট্ছএপ মেছেজৰ উত্তৰ দি থাকে৷
উল্লেখ্য যে কংগ্রেছৰ যুৱৰাজ হিচাপে পৰিচিত ৰাহুল গান্ধীতকৈ প্রভাৱশালী ড০ শর্মা৷ ১০০জনীয়া তালিকাত ড০ শর্মাই ৩২সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ যুৱৰাজে ৫১সংখ্যক স্থান লাভ কৰিছে৷ তালিকাত ৰাজনীতিৰ পৰা উদ্যোগলৈ, ক্রীড়াৰ পৰা সাংস্কৃতিক জগতলৈকে বিভিন্নজনে স্থান লাভ কৰিছে৷ শীর্ষ ১০ৰ পাছত স্থান লাভ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, দ্বাদশ স্থানত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা, ত্রয়োদশ স্থানত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, চতুর্দশ স্থানত বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, পঞ্চদশ স্থানত বৈদেশিক মন্ত্রী এছ জয়শংকৰ, ষষ্ঠদশ স্থানত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে, সপ্তদশত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, অষ্টাদশ স্থানত কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধান, ঊনবিংশ স্থানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, বিংশতিতম স্থানত কেন্দ্রীয় মন্ত্রী ভূপেন্দ্র যাদৱ৷ পৰৱর্তী স্থানকেইটাত আছে আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাস, টাটা ছনছৰ অধ্যক্ষ এন চন্দ্রশেখৰণ, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়ন, কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ডাভিয়া, নীতিন গাডকাৰি, কংগ্রেছৰ সভানেন্ত্রী ছোনিয়া গান্ধী, কোটাক মহিন্দ্র বেংকৰ এম ডি উদয় কোটাক, পীয়ূষ গোৱেল, সেনাৰ মুৰব্বী এম এম নাৰাৱাণে, আৰ এছ এছৰ দত্তত্রেয়া হোচাৱালে৷ তালিকাত ৰোহিত শর্মা, বিৰাট কোহলি, বাবা ৰামদেৱ, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, কংগনা ৰাণাৱট, আলিয়া ভাট, প্রহ্লাদ যোশী, প্রসুন যোশী, জয় শ্বাহ, প্রিয়ংকা গান্ধী ভদ্রা আদিৰ লগতে ১০০সংখ্যক স্থান লাভ কৰিছে ইতিহাসবিদ ৰামচন্দ্র গুহই৷