নির্বাচনৰ প্রাক্ক্ষণত অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰিলে কেন্দ্রীয় চৰকাৰে৷ অসমৰ লগতে অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ বাবেও সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰা হৈছে৷ বুধবাৰে নিশাৰ ভাগত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ে এক ৰাজপাত্রিত অধিসূচনা জাৰি কৰি অসমসহ উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰা বুলি প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰা হৈছে যদিও জম্মু আৰু কাশ্মীৰৰ বাবে এই প্রক্রিয়া অব্যাহত ৰখা হৈছে৷ তাৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাই নেতৃত্বাধীন সমষ্টি পুনৰ নির্ধাৰণ আয়োগৰ ম্যাদ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে৷ মন কৰিবলগীয়া যে ২০২০ চনৰ ৬ মার্চত জাৰি কৰা ৰাজপত্রিত জাননী অনুসৰি জম্মু–কাশ্মীৰ আৰু উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণৰ বাবে দেশাই কমিটীক এবছৰৰ সময়সীমা বান্ধি দিয়া হৈছিল৷ সেই অনুসৰি ৫ মার্চত দেশাই কমিটীৰ ম্যাদ উকলি যাবলগীয়া আছিল৷ সেয়েহে সংবিধানৰ ৩৭১ ধাৰা প্রত্যাহাৰ কৰাৰ পাছত পূর্ণাংগ ৰাজ্যৰ মর্যাদা হেৰুওৱা মূলতঃ জম্মু–কাশ্মীৰৰ বাবেই দেশাই কমিটীৰ ম্যাদ এবছৰ বৃদ্ধি কৰিবলগীয়া হ’ল৷ পিছে আগন্তুক এবছৰৰ ভিতৰত যে জম্ম–কাশ্মীৰবাসীয়ে নিজৰ চৰকাৰ লাভ নকৰে, সেয়াও লগতে স্পষ্ট হৈ পৰিল৷
মন কৰিবলগীয়া যে বুধবাৰে নিশা জাৰি কৰা ৰাজপত্রিত অধিসূচনাখন আছিল দৰাচলতে ২০২০ চনৰ ৬ মার্চত জাৰি কৰা জাননীৰ সংশোধনীহে৷ সংশোধিত এই জাননীত সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ পৰা যোৱা বছৰৰ জাননীত থকা অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ নাম কর্তন কৰা হয়৷ দ্বিতীয় সংশোধনীত দেশাই কমিটীৰ ম্যাদ এবছৰৰ পৰিৱর্তে দুইবছৰ কৰা হয়৷ উল্লেখ্য যে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগাৰলেণ্ডত সমষ্টি পুনৰ র্নিধাৰণ কৰিব বিচাৰিছিল৷ পিছে কেন্দ্রৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই উক্ত ৰাজ্যসমূহৰ একাধিক দল–সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ ন্যায়ালয়ৰ সমুখত দল–সংগঠনসমূহ প্রশ্ণ আছিল– ২০১১ৰ লোকপিয়ল থকা সত্ত্বেও তথা ২০২১ৰ লোকপিয়ল হ’বলৈ আৰু বেছি দিন নথকা অৱস্থাত কেন্দ্রই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণ কৰাৰ কি যুক্তি আছে? বিগত বছৰটোত উচ্চতম ন্যায়ালয়ে সমগ্র বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰক এখনৰ পাছত এখনকৈ জাননী জাৰি কৰিছিল যদিও কেন্দ্রীয় চৰকাৰে ন্যায়ালয়ৰ সমুখত কোনো উত্তৰ কিম্বা শপতনামা দাখিল কৰা নাছিল৷ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে নেতৃত্বাধীন বিচাৰপীঠে আনকি ক্ষুব্ধ হৈ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া সংক্রান্ত গোচৰসমূহৰ একপক্ষীয়ভাৱে ৰায়দান কৰাৰ ভাবুকি দিছিল৷ পিছে শেষ পর্যন্ত বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অসমৰ লগতে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰাটো এতিয়া এক লক্ষণীয় বিষয় হৈ পৰিছে৷