নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ সমষ্টিত প্রার্থী দিব প্রফুল্ল মহন্তৰ গোটে

টিকটক কেন্দ্র কৰি অগপত বিভাজন

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বিজেপিৰে আসন বুজাবুজিক কেন্দ্র কৰি অৱশেষত অগপত পুনৰ উলম্ব বিভাজন ঘটিল৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত ২০০৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত গঠিত অগপ (প্র) পৰৱর্তী পর্যায়ত অগপত বিলীন হয়৷ কিন্তু এইবাৰ বিধানসভা নির্বাচনক লৈ টিকটক কেন্দ্র কৰি দলটোৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি আৰু দলৰ বর্তমানৰ নেতৃত্ব বিজেপিৰ ওপৰত নির্ভৰশীল হৈ পৰাত পুনৰ সক্রিয় হৈ পৰিছে অগপ (প্র)৷ আসন্ন বিধানসভা নির্বাচনত অগপ (প্র)ই ১৫টা সমষ্টিত নির্বাচনী ৰণত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে মহাজোঁটৰ লগতো আজি প্রাৰম্ভিক আলোচনাত মিলিত হয়৷ অগপ (প্র)ৰ সাধাৰণ সম্পাদক প্রণৱ গোস্বামীয়ে আজি এই কথা প্রকাশ কৰি কয় যে আজি অনুষ্ঠিত দলৰ এক বৈঠকে আসন্ন নির্বাচনত ১৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ দলৰ কার্যকৰী সভাপতি দিলীপ চৌধুৰী আৰু সাধাৰণ সম্পাদক বার্কি প্রসাদ তেলেংগাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকে সেই সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি অগপ (প্র)ৰ সঁজাতী দল এটাই আজি গুৱাহাটীত মহাজোঁটৰ লগতো এখন বৈঠকত মিলিত হয়৷ মহাজোঁটৰ অংশীদাৰ হোৱাৰ আগ্রহ ব্যক্ত কৰিয়েই তেওঁলোকে মহাজোঁটৰ নেতা, প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ সৈতে আলোচনাত মিলিত হয়৷ এই আলোচনা সৌহার্দ্যপূর্ণ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মহাজোঁটৰ সৈতে নির্বাচনত অৱতীর্ণ হ’লে স্বাভাৱিকতে তেওঁলোকৰ আসনৰ সংখ্যা হ্রাস পাব৷ অকলে খেলিব লগা হ’লে ১৫টা সমষ্টিতে প্রার্থিত্ব আগবঢ়াব৷ তাৰ বাবে তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ তালিকা প্রকাশ কৰাৰ পৰা এই মুহূর্তত বিৰত আছে৷ বর্তমানৰ অগপ নেতৃত্বৰ বাবেই তেওঁলোকে অগপ (প্র)ক পুনৰ জীৱিত কৰিবলগীয়া হ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে অগপ দলটোৱে ‘কা’ক সমর্থন কৰাৰ লগতে বিজেপিৰ ভৰিত পৰি গৈছে৷ যাৰ বাবে আজিলৈকে নিজ দলৰ প্রার্থিত্বৰ তালিকাই অগপই ঘোষণা কৰিব পৰা নাই৷
নগাঁৱত নিশ্চিহ্ণ হোৱাৰ পথত অগপ
এসময়ত অগপৰ অভেদ্য দুর্গস্বৰূপ নগাঁও জিলাত নিশ্চিহ্ণ হোৱাৰ পথত ৰাজ্যৰ এসময়ৰ সর্ববৃহৎ আঞ্চলিক দলটো৷ সুদীর্ঘ ৩৫ বছৰ অগপৰ দখলত থকা নগাঁও জিলাৰ ৮৭নং বঢ়মপুৰ সমষ্টিটো এইবাৰ বিজেপিয়ে অগপৰ হাতৰ পৰা কাঢ়ি নি নিজা প্রার্থী থিয় কৰাব বুলি প্রচাৰিত খবৰে অগপ কর্মীসকলৰ মাজত যিদৰে ক্ষোভৰ সৃষ্টি কৰিছে, সেইদৰে উৎফুল্লিত হৈ পৰিছে বিজেপি৷ স্মর্তব্য যে ১৯৮৫ চনৰ পৰা বঢ়মপুৰ সমষ্টিটো অগপৰ দখলত আছে৷ ১৯৮৫ত সমষ্টিটোৰ পৰা গিৰীন্দ্র কুমাৰ বৰুৱা বিজয়ী হয়৷ ১৯৯১ চনৰ পৰা বর্তমানলৈকে সমষ্টিটোৰ বিধায়ক হৈ আছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ অৱশ্যে ২০০৬ চনত তেওঁ অগপ (প্র)ৰ পৰা নির্বাচিত হৈছিল৷ মন কৰিবলগীয়া এয়ে ‘কা’বিৰোধী আন্দোলনৰ প্রতি সমর্থন আগবঢ়োৱাৰ লগতে সময়ে সময়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য মহন্তই আগবঢ়াই আহিছিল৷ ইয়াৰ বাবেই তেওঁৰ ওপৰত বিজেপি নেতৃত্বৰ লগতে অগপৰ শীর্ষ নেতৃত্বৰ একাংশ তেওঁৰ ওপৰত ক্ষুণ্ণ হৈ পৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে নগাঁও জিলাত নগাঁও সদৰ আৰু বঢ়মপুৰ সমষ্টিত অগপৰ ভেটি মজবুত আছে যদিও ২০১৬ চনৰ নির্বাচনত নগাঁও সদৰ সমষ্টিটো বিজেপিক এৰি দিয়ে৷ এইবাৰ বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টিও বিজেপিক এৰি দিয়াটো খাটাং হোৱাত জিলাখন অগপশূন্য হোৱাৰ দিশে ধাৱমান হৈছে৷ ইপিনে ক্ষুব্ধ মহন্তপন্থীৰ হৈ অগপৰ বঢ়মপুৰ সমষ্টি কমিটীয়ে কাইলৈ জিলাখনৰ ননৈৰ বাৰগঞা নামঘৰত এখন সভাৰ আহ্বান কৰিছে৷ এই সভাতেই পৰৱর্তী পদক্ষেপ সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিব৷ আনহাতে, প্রাক্তন মুখ্যমন্ত্রী মহন্তই এইবাৰ প্রার্থিত্ব লাভ নকৰিব বুলি খবৰ প্রচাৰ হোৱাৰ লগে লগে আজি বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত কন্দলিৰ একাংশ অগপ কর্মীয়ে কংগ্রেছত যোগদান কৰা বুলি জানিব পৰা গৈছে৷

You might also like