সাৱধান! ৰাজ্যত নতুনকৈ ক’ভিড আক্রান্ত ৮০৭২,মৃত ১৬; গুৱাহাটীত পজিটিভ ১৯৯৬ব্যক্তি
নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ ক্রমাৎ ভয়াৱহতাৰ দিশে গতি কৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি৷ পূর্বৰ সকলো অভিলেখ ভংগ কৰি মঙলবাৰৰ দিনটোত ৰাজ্যত এদিনতে সর্বাধিক ৮০৭২জন লোক আক্রান্ত হ’ল৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত মুঠ ৬৩,৯৪৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ইয়াৰ ভিতৰত ৮০৭২জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ আক্রান্তৰ হাৰ হৈছে ১২.৬২ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৯৯৬ব্যক্তি গুৱাহাটীৰ৷
ইফালে আজি ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ১৬জনকৈ লোকে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ তদুপৰি ৰাইজক সকলো ধৰণৰ ক’ভিড প্রট’কল মানি চলাৰ লগতে মাক্স পৰিধান কৰিবলৈ চৰকাৰে আহ্বান জনাইছে৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ অসচেতন লোকে প্রতি মুহূর্ততে ভংগ কৰি আহিছে ক’ভিডৰ নীতি–নিয়ম৷ মাক্স পৰিধান কৰিবলৈ অনীহা, ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলিবলৈ অস্বীকাৰ আদিৰ বাবে ৰাজ্যত দ্রুত গতিত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷ আগন্তুক সময়ত ৰাজ্যবাসী অধিক সজাগ আৰু সচেতন নহ’লে ক’ভিড সংক্রমণে শীঘ্রে অধিক ভয়াৱহ ৰূপ লোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷
Summary of 18/01/2022
Today’s Total 8072
Overall Positivity Percentage (8072 cases out of 63,944 test done = 12.62%)
Kamrup(M) 1996
Death 16
Recovery Rate 94.39%
— Himanta Biswa Sarma (@himantabiswa) January 18, 2022