নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ সৰ্বদলীয় বৈঠকঃ জাতীয় দল-সংগঠনৰ নেতৃত্বৰেও আলোচনা

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে অসম-মেঘালয় সীমা বিবাদৰ ছয় এলেকা সম্পর্কীয় বাৰ্তালাপত মিলিত হয়।

আলোচনাৰ মাধ্যমেৰে এক সৌহাৰ্দ্যপূৰ্ণ উপায়েৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধান অনাটো অসম চৰকাৰৰ লক্ষ্যৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে লোৱা পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে উপস্থিত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিবর্গক অৱগত কৰে।

অসম-মেঘালয় সীমাৰ ক্ষেত্ৰত ইতিমধ্যে চিনাক্ত কৰা ১২টা বিবাদিত এলেকাৰ বৰ্তমান ছটা অঞ্চল চূড়ান্ত নিষ্পত্তিৰ বাবে ধার্য কৰা হৈছে। এই অঞ্চলবোৰৰ ভিতৰত আছে হাহিম, গিজাং, তাৰাবাৰী, বাখালাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰাতাচেৰা।
বিষয়টোত সম্পূৰ্ণ আৰু চূড়ান্ত মীমাংসা আনিবলৈ দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছিল। আঞ্চলিক সমিতিসমূহৰ পৰামৰ্শ আৰু মুখ্যমন্ত্ৰী পৰ্যায়ৰ বহুকেইখন আলোচনা বৈঠকৰ ওপৰত ভিত্তি কৰি এক ৰূপৰেখা বিকশিত কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰে।

এই বৈঠকত মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, অশোক সিংহল, বিৰোধী দলপতি দেৱব্রত শইকীয়া, কেইবাগৰাকীও বিধায়ক, মুখ্য সচিব জিষ্ণু বৰুৱা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু কংগ্ৰেছ, চি পি আই(এম), বিজেপি, অগপ, এ আই ইউ ডি এফ, বি পি এফ, ইউ পি পি এলকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত আছিল।

You might also like